বোকাখাতৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চুৰি কাণ্ড : বেৰৰ পৰা এৰুৱাই চোৰে কাটি লৈ গ'ল বিদ্যুত তাঁৰ :
Aiidesh News : 7 April - 2026 :
বোকাখাত নগৰৰ মাজ মজিয়াতে ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ গাতে লাগি থকা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা দেওবাৰৰ নিশা চোৰে সংগোপনে প্ৰৱেশ কৰি বৈদ্যুতিক তাৰ কাটি লৈ যায়। বোকাখাতৰ মহকুমা স্বাস্থ্য বিষয়া ডা০ অজিত কাকতিয়ে জনোৱা মতে যোৱা নিশা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰশাসনিক ভৱনত আৰু ৰোগী থকা কোঠাৰ মাজত থকা কৰিডৰ আৰু বাৰান্দাৰ পকী বেৰৰ পৰা এৰুৱাই চোৰে সকলো বোৰ বিদ্যুত তাঁৰ কাটি লৈ যায় । চোৰে বৈদ্যুতিক তাঁৰ কাটি নিয়াৰ পিচত আজি অ’ত ত’ত তাঁৰ যোৱা প্লষ্টিকৰ বিট বোৰ সিঁচৰিত হৈ পৰি ৰয় । বিদ্যুত থকাৰ সময়তে চোৰে অতি দক্ষতাৰে বৈদ্যুতিক তাঁৰ কাটি নিবলৈ সক্ষম । ভৱনটোৰ গাতে লাগি থকা এটা প্ৰসাৱ গাৰৰ বেৰ বগাই চোৰে নিশা ভৱনটোত প্ৰৱেশ কৰি এই কাৰ্য সম্পাদন কৰে । ঘটনা সম্পৰ্কত আজি বোকাখাত আৰক্ষীক মহকুমা চিকিৎসা বিষয়া গৰাকীয়ে অৱগত কৰাত আৰক্ষী আহি ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰে । ঘটনাৰ সম্পৰ্কত কোনো তথ্য উলিয়াব পৰা নাই বোকাখাত আৰক্ষীয়ে ।
********



