বনৰীয়া ম'হৰ আক্ৰমনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভাগীয় মাউতৰ মৃত্যু :

বনৰীয়া ম'হৰ আক্ৰমনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভাগীয় মাউতৰ মৃত্যু  :
Aiidesh Photo

Aiidesh News : 15 April - 2024  :

বহাগৰ প্ৰথম দিনটোতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এক শোকাবহ ঘটনা সংঘৰ্টিত হয় ৷ বনৰীয়া ম’হৰ আক্ৰমণত ৰাষ্ট্ৰীয় উদ্যানখনৰ এজন বনকৰ্মী নিহত হোৱাৰ উপৰিও আন এজন আহত হ'ব লগা হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত বনাঞ্চলৰ বিভাগীয় হাতী মাউত অপুৰ্ব মুমীনে বনাঞ্চলৰ পৰা বিভাগীয় হাতী আনিবৰ বাবে সহকৰ্মী সোনমনি ৰাভাৰ লগত যোৱাৰ সময়ত বনাঞ্চলত বনৰীয়া ম'হে আক্ৰমণ কৰে । ম'হৰ আক্ৰমণত হাতী মাউত অপুৰ্ব মুমিন ঘটনাস্থলীতে নিহত হয় ৷ ম'হৰ আক্ৰমনত আহত হয় সোণমণি ৰাভা ৷ ঘটনাৰ পিচত কলিয়াবৰ মহকুমাৰ দণ্ডাধীশ আৰু পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’, বনকৰ্মী আৰু আৰক্ষীৰ দলগৈ ঘটনাস্থলিৰ পৰা অপুৰ্ব মুমিনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । ম'হৰ আক্ৰমনত অপুৰ্ব মুমীনৰ মৃত্যুৰ ঘটনাই বহাগৰ প্ৰথম দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শোকৰ ছাঁ পেলায় ৷

***********