কাজিৰঙাৰ পৰা ওলায় যোৱা গঁড়ৰ কমাৰগাওঁৰ ৰোহিতা চাপৰিত মৃত্যু : খৰ্গ সংগ্ৰহ বনবিভাগৰ :

Aiidesh News : 16 April - 2024  :

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই ব্ৰহ্মপুত্ৰ নদীৰ বিভিন্ন চাপৰি পৰিভ্ৰমন কৰা গঁড়টোয়ে আজি ৰোহিতা চাপৰিত মৃত্যুক সাঁৱতি লয় ৷ গঁড়টোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰচণ্ড মানসিক চাপৰ, উত্তেজনাত ভাগৰি পৰা বৃদ্ধ এই গঁড়টোয়ে আজি দুপৰীয়া ৰোহিতা চাপৰিৰ এটুকুৰা কাঠনিত  শেষ নিশ্বাস ত্যাগ কৰে ৷ প্ৰাপ্যতথ্য মতে মাজুলীৰ পৰা আহি গঁড়টোয়ে দেৰগাওঁৰ বাদুলিপাৰ কৰৈয়নি হৈ হাঁহচৰা পাইছিলগৈ ৷ হাঁহচৰা চাপৰিতে এই গঁড়টোয়ে ১৪ এপ্ৰিলৰ দিনা এজন মানুহক আক্ৰমন কৰি আহত কৰিছিল ৷ বুধবাৰৰ দিনা গঁড়টো গৈ কমাৰগাওঁৰ ৰোহিতা চাপৰিত আশ্ৰয় লয় ৷ ৰোহিতাৰ পৰা ট্ৰেক্টৰেৰে বনকৰ্মীয়ে স্থানীয় লোকৰ সহযোগত গঁড়টোক কাজিৰঙাৰ দিশে পঠাবৰ বাবে চেষ্টা চলায় ৷ এই সময়তে গঁড়টোয়ে ট্ৰেক্টৰখনক আক্ৰমন কৰি ট্ৰেক্টৰৰ এটা চকা মুখেৰে কামুৰি নষ্ট কৰে ৷ এই ঘটনাৰ পিচত গঁড়টোয়ে ঘটনাস্থলীৰ নাতি দুৰৰে এটুকুৰা কাঠনিত আশ্ৰয় লয় ৷ এই কাঠনিতে প্ৰচণ্ড মানসিক চাপ , উত্তেজনা আৰু ভাগৰতে আজি দুপৰীয়া গঁড়টোয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ 

গঁড়টোৰ মৃত্যুৰ পিচত গোলাঘাট বন সংমণ্ডলৰ ডি এফ অ’, সহকাৰী বন সংৰক্ষক, বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া সহ বনকৰ্মী আৰু পশুচিকিৎসকৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় ৷ বনবিষয়াৰ উপস্থিতিত গঁড়টোৰ শৰীৰ পৰা খৰ্গটো সংগ্ৰহ কৰাৰ লগতে মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ গঁড়টোৰ শৰীৰত কোনোধৰণৰ আঘাতৰ চিন নাই বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে বিগত এটা পষেকৰ আগতেই কাজিৰঙাৰ পৰা ওলায় যোৱা এই গঁড়টোয়ে ব্ৰহ্মপুত্ৰৰ লগতে মাজুলীৰ বিভিন্ন চাপৰি পৰিভ্ৰমন কৰিছিল ৷ এটা সময়ত ব্ৰহ্মপুত্ৰৰ চাপৰি বোৰ গঁড়ৰ বিচৰণ ভুমি আছিল ৷ সম্প্ৰতি এই চাপৰিবোৰ মানুহৰ কবলত ৷ নিজৰ সহজাত বিচৰণ ভুমিৰ সন্ধানত কাজিৰঙাৰ পৰা ওলায় যোৱা গঁড়বোৰ মানুহৰ আক্ৰমনৰ লক্ষ্য হোৱাৰ লগতে চোৰাংচিকাৰীৰো অন্যতম লক্ষ্য হৈ পৰাৰ উদাহৰণ আছে ৷ 

**********