কাজিৰঙাত বন ছহীদ দিৱস উদযাপন : বন ছহীদ পৰিয়াললৈ সম্বৰ্ধনা :
কাজিৰঙাত বন ছহীদ দিৱস উদযাপন : বন ছহীদ পৰিয়াললৈ সম্বৰ্ধনা :
Aiidesh News : 11 September 2023 :
ৰাজ্যৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো আজি বন ছহীদ দিৱস পালন কৰা হয় ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰাত থকা বন ছহীদ উদ্যানত আজি পুৱা বেলাতে বন ছহীদ দিৱস উদ্যাপন কৰা হয় ৷ এই উপলক্ষে বন ছহীদ উদ্যানত থকা স্মাৰকত বন্তি প্ৰজ্বলনৰে স্মৃতি তৰ্পন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে কাজিৰঙাৰ সঞ্চালক ভাৰতীয় বন সেৱা বিষয়া ড৹ সোনালী ঘোষে ৷ অনুষ্ঠানৰ আৰম্ভণীতেই বন আৰু প্ৰকৃতি সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বন ছহীদ সকলৰ স্মৃতিত মৌন প্ৰাৰ্থনা কৰা হয় ৷ বোকাখাতৰ পুৱতি সাহিত্য সভাৰ সম্পাদক তথা কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যালয়ৰ কৰ্মচাৰী গীতাঞ্জলি কলিতাৰ দ্বাৰা ৰচিত এটা বানীবদ্ধ কোৰাচ অনুষ্ঠানত পৰিৱেশন কৰা হয় ৷ বন ছহীদৰ অমুল্য অৱদানৰ বাবেই আজি আমি আজিৰ প্ৰকৃতি লাভ কৰিছো বুলি মন্তব্য কৰি সঞ্চালক ড৹ সোনালী ঘোষে উপস্থিত বন ছহীদৰ পৰিয়ালক সকলো প্ৰকাৰৰ সহায় সহযোগিতাৰো আশ্বাস প্ৰদান কৰে ৷
অনুষ্ঠানত সঞ্চালক ড৹ সোনালী ঘোষৰ উপৰিও কাজিৰঙা তথা পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' অৰুণ বিঘ্নেশ, অৱসৰপ্ৰাপ্ত উপ বন সংৰক্ষক খৰ্গসিং ডেকাৰজা, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি নীলপদ্ম শৰ্মা, সাংবাদিক স্বপন নাথ, সহকাৰী বন সংৰক্ষক নয়নজ্যোতি ৰাজবংশীৰ উপৰিও কাজিৰঙাৰ সমুহ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ লগতে বনকৰ্মী আৰু কৰ্মচাৰীও উপস্থিত থাকে ৷ জেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মা আৰু স্বপন নাথৰ উপৰিও বন ছহীদ পৰিয়ালৰ সদস্য খনীনগিৰি অধিকাৰীয়েও অনুষ্ঠানত বক্তব্য দাঙি ধৰি বন ছহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
অনুষ্ঠানত বিগত কালচোৱাত বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাজিৰঙাত প্ৰাণ আহুতি দিয়া ২৪ গৰাকী বন ছহীদৰ পৰিয়ালক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৰফৰ পৰা গামোছা, চাদৰ আৰু উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জনায় ৷
******







