ছাত্ৰ ফেডাৰেচনৰ গোলাঘাট জিলা কমিটীৰ উদ্যোগত বোকাখাতত প্ৰগতিশীল ছাত্ৰ আন্দোলনত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি' শীৰ্ষক আলোচনা চক্ৰ :
Aiidesh News : 23 July - 2025 :
অসমৰ প্ৰগতিশীল ৰাজনৈতিক ইতিহাসত গোলাঘাট জিলাৰ এক বিশেষ ভূমিকা আছে আৰু এই ক্ষেত্ৰত বিশেষভাৱে স্মৰণীয় এগৰাকী ব্যক্তি হ’ল ছােভিয়েট দেশ নেহৰু বঁটা প্ৰাপক, অসম ছাত্র ফেডাৰেছনৰ একালৰ সাধাৰণ সম্পাদক, কৃতী শিক্ষক বোকাখাতৰ জনসুহৃদ চিদানন্দ শইকীয়া । সাম্প্ৰতিক পটভুমিত ঐতিহাসিক বিশ্লেষণৰ মাজেদি ছাত্ৰ ৰাজনীতিৰ প্ৰয়োজনীয়তা আৰু তাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ ছাত্ৰ ফেডাৰেচন গোলাঘাট জিলা কমিটীৰ উদ্যোগত ২২ জুলাইত বোকাখাতত "প্ৰগতিশীল ছাত্ৰ আন্দোলনত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি' শীৰ্ষক এটি আলোচনা চক্ৰৰ আয়োজন কৰে ৷ বোকাখাতৰ পুৱতি সাহিত্য সভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই আলোচনাত চক্ৰত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ, লেখক, গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক হেম ফুকন, নিখিল ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ অসম ৰাজ্যিক সদস্য ৰাজদ্বীপ মহন্ত, ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ অসম ৰাজ্যিক সম্পাদক সংগীতা দাস ,চিদানন্দ শইকীয়াৰ জেষ্ঠ পুত্ৰ, বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি গোপিকানন্দ শইকীয়াই, কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী মেনকা পাটগিৰি, জিপালৰ উপদেষ্টা সোনেশ্বৰ নৰহ, অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইনজু আহমেদ, পল্লৱ হাজৰিকা উপস্থিত থাকে । মেনকা পাটগিৰিৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত অধ্যাপক হেম ফুকনে নিখিল ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ ইতিহাস ,অসমত ইয়াৰ প্ৰভাৱ আৰু তেতিয়াৰ যুৱনেতা প্ৰয়াত চিদানন্দ শইকীয়াৰ নেতৃত্ব আৰু কাৰ্যাৱলী বাখ্যা কৰে ৷
************