কৃষক বিৰোধী আইন সংসদত বাতিল আৰু অসমৰ কৃষক নিধিৰ ধন কেলেংকাৰী সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাক অপসাৰণৰ দাবীত বোকাখাতত জীপাল কৃষক শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট :

কৃষক বিৰোধী আইন সংসদত বাতিল আৰু অসমৰ কৃষক নিধিৰ ধন কেলেংকাৰী সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাক অপসাৰণৰ দাবীত বোকাখাতত জীপাল কৃষক শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট :
Aiidesh Photo

কৃষক বিৰোধী আইন সংসদত বাতিল আৰু অসমৰ কৃষক নিধিৰ ধন কেলেংকাৰী সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাক অপসাৰণৰ দাবীত বোকাখাতত জীপাল কৃষক শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট : 


Aiidesh News : 26 November  : 


সংবিধান দিৱসৰ দিনাই কৃষক বিৰোধী কৃষি আইন সংসদত প্রত্যাহাৰ কৰা আৰু শ্রমিক বিৰোধী শ্রম সংহিতা বাতিলৰ দাবীত ট্রেড ইউনিয়ন সমূহৰ যৌথ মঞ্চ আৰু সংযুক্ত কিষান মৰ্চাৰ অন্যতম অংশীদাৰী সংগঠন বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘই শুক্ৰবাৰৰ দিনা দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে বোকাখাততো অৱস্থান ধর্মঘট পালন কৰে ৷


অৱস্থান ধৰ্মঘট স্থলীতে কৃষক নিধিৰ কেলেংকাৰীত অভিযুক্ত কৃষিমন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাক মন্ত্ৰীত্বৰ পৰ অপসাৰণ কৰা, মাইক্রফাইনাঞ্চ আৰু কৃষিঋণ মাফ কৰাকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী সংগঠনটোয়ে উত্থাপন কৰে ।


ধৰ্মঘট কাৰ্যসূচীৰ  নেতৃত্বলৈ জীপালৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহে কয় যে যি পৰ্যন্ত সংসদত কৃষি আইন বাতিল নহয় সেই পৰ্যন্ত  নৰেন্দ্ৰ মোদীৰ মুখৰ কথাত দেশৰ কৃষকে আন্দোলন উঠাই নলয় । লগতে কৃষক আন্দোলনৰ দৰে অসমত পুণৰ নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধি আন্দোলনক শক্তিশালী  কৰাৰ প্ৰয়োজন বুলিও তেওঁ মন্তব্য কৰে ৷ এই ক্ষেত্ৰত পূৰ্বৰ ঘটনাৰ পৰা জাতিৰ প্ৰতাৰক , চুট টাই পিন্ধা জাতীয়তাবাদী নেতাসকলক প্ৰশ্ৰয় নিদিবলৈও তেওঁ আহ্বান জনায় ।


উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ২৬ জানুৱাৰীত দিল্লীৰ ঐতিহাসিক ট্ৰেক্টৰ ৰেলীত  সংযুক্ত কিষান মৰ্চাৰ অন্যতম অংশীদাৰী সংগঠন "জীপাল কৃষক-শ্রমিক সংঘ"ই প্ৰত্যক্ষ ভাৱে অংশ লোৱাৰ উপৰিও ৬ অক্টোবৰ পৰা ১০ অক্টোবৰলৈকে সংগঠণটোৰ এটা  সঁজাতি দলে দিল্লীৰ কৃষক আন্দোলনত বাটৰ নাট আৰু অন্যান্য গণ সাংস্কৃতিক কাৰ্যসূচীৰে কৃষক বিৰোধী কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷  

******