সংক্ৰমন প্ৰতিৰোধৰ বাবে গোলাঘাট জিলাত গৰু ম'হৰ বজাৰ সাময়িক ভাৱে বন্ধৰ নিৰ্দেশ উপায়ুক্তৰ :

সংক্ৰমন প্ৰতিৰোধৰ বাবে গোলাঘাট জিলাত গৰু ম'হৰ বজাৰ সাময়িক ভাৱে বন্ধৰ নিৰ্দেশ উপায়ুক্তৰ  :
Aiidesh photo

সংক্ৰমন প্ৰতিৰোধৰ বাবে গোলাঘাট জিলাত গৰু ম'হৰ বজাৰ সাময়িক ভাৱে বন্ধৰ নিৰ্দেশ উপায়ুক্তৰ  : 

Aiidesh News  :  18 October  :

কাষৰীয় ৰাজ্যত গৰু ম'হৰ শৰীৰত অচিন সংক্ৰমন ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ বিভিন্ন ঠাইত থকা সকলো সাপ্তাহিক গৰু-ম'হৰ বজাৰ সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিছে । গোলাঘাট জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষই  ২০০৫ চনৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত সোমবাৰৰ দিনা এই নিৰ্দেশ জাৰি কৰিছে ।

ইয়াৰ বাবে জিলা উপায়ুক্তই গৰু ম'হৰ এই  বজাৰ সমূহত মানুহ আৰু পশুধনৰ স্বাস্থ্যৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিভিন্ন দিশ চালি জাৰি চাই উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ প্ৰদান কৰিব পৰাকৈ এখন সমিতি গঠন কৰি দিছে । এই সমিতি খনে ১৫ দিনৰ ভিতৰত বজাৰ সমুহ পৰিদৰ্শন কৰি ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈও জিলা উপায়ুক্তই  নিৰ্দেশ দিছে । প্ৰতিবেদন দাখিল নকৰালৈকে এই বজাৰসমূহ সাময়িকভাৱে বন্ধ থাকিব বুলি জিলা উপায়ুক্তই জানিবলৈ দিছে ।

জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ অধ্যক্ষতাত গঠিত এই সমিতিত অতিৰিক্ত উপায়ুক্ত, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, জিলা পশু চিকিৎসা বিষয়া আৰু ধনশিৰি আৰু বোকাখাত মহকুমাৰ মহকুমাধিপতি অথবা মহকুমাধিপতিৰ প্ৰতিনিধি সদস্য হিচাপে ৰখা হৈছে । 

*********