বোকাখাতৰ ধনশিৰি ইক' কেম্পত প্ৰবীন সাংবাদিক, আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়াৰ ৯৪ সংখ্যক জন্মদিন উদযাপন : তিনিখনকৈ গ্ৰন্থ উন্মোচনৰ লগতে এই দেশ বঁটা আৰু কিয়াচি মেডিয়া এণ্ড এন্টাৰটেইমেন্টৰ দ্বাৰা সাংবাদিকতাৰ বিশেষ বঁটা প্ৰদানৰ ঘোষণা :

Aiidesh Photo

Aiidesh Award : 17th Januwary  :

বোকাখাতৰ প্ৰবীন সাংবাদিক, অ'ল আচাম প্ৰেছ ক'ৰেচপণ্ডেন্ট ইউনিয়ন (আপকু) ৰ আৰু বোকাখাত প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি,  সাহিত্যিক পেঞ্চনাৰ ভৱেশ শইকীয়াৰ ৯৪ সংখ্যক জন্মদিন আজি বোকাখাতত উদযাপন কৰা হয় ৷ বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সন্থা, পুৱতি সাহিত্য সভা, বোকাখাত নাট্যমন্দিৰ পৰিচালনা সমিতি, খবৰ বোকাখাত, কাজিৰঙা নিউজ নেটৱৰ্ক আৰু সন্ধানী লেখিকা সমাৰোহ সমিতিৰ যৌথ উদ্যোগত আজি বোকাখাতৰ ধানবাৰীত থকা ধনশিৰি ইক' কেম্পত সেৱাৰ দিন হিচাবে তেখেতৰ জন্মদিন উদযাপন কৰা হয় ৷ বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত আজি অনুষ্ঠানত জেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াৰ দ্বাৰা ৰচিত তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ৷ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈ, মৰাণৰ জেষ্ঠ সাংবাদিক সুভিত ছেত্ৰী আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভপতি জিতু শৰ্মা ৰাজখোৱাই উক্ত তিনিখন গ্ৰন্থ উন্মোচন কৰে ৷ 

বোকাখাতৰ শিল্পী ৰূপা হাজৰিকাৰ বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত বোকাখাত মহকুমাৰ সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তই উদ্বোধনী ভাষণ প্ৰদান কৰাৰ পিচতেই জন্মদিনৰ কেক কাটি জেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াই তেওঁৰ জন্মদিন আয়োজন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷ পৰৱৰ্তী সময়ত বোকাখাত বহু দল সংগঠনে জেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াক তেখেতৰ ৯৪ জন্মদিন উপলক্ষে মানপত্ৰ,  গামোছা, চেলেং চাদৰ ,স্মাৰক আৰু উপহাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ 

অসমৰ প্ৰথমটো ৱেব পৰ্টেল এই দেশ নিউজৰ তৰফৰ পৰা পৰৱৰ্তী সময়ত ভৱেশ শইকীয়াৰ  জন্মদিনত উঠি অহা প্ৰজন্মৰ বাবে এই দেশ বঁটা আৰু কিয়াচি টেক মেডিয়াৰ উদ্যোগত সাংবাদিকতাৰ বিশেষ বঁটা প্ৰদানৰ কথা ঘোষণা কৰে ৷ দুয়োটা বঁটাতে নগদ ধন আৰু স্মাৰক প্ৰদান কৰা হ'ব বুলিও পৰিয়ালৰ সুত্ৰত প্ৰকাশ ৷ দুয়োটা বঁটাই ভৱেশ শইকীয়াৰ পৰৱৰ্তী জন্মদিনত প্ৰদান কৰা হ'ব ৷ এই দেশ বঁটা গোলাঘাট জিলা ভিত্তিত আৰু কিয়াচি মেডিয়া টেক বঁটা অসম ভিত্তিত প্ৰদান কৰা হ'ব ৷ 

আজিৰ অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি ডা৹ নেহা যাদৱ,  ডি এফ অ' ৰমেশ গগৈ, পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱা, নাট্যমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি দিলীপ শইকীয়া,  সাহিত্যিক কল্পনা চেতিয়া, জেষ্ঠ নাগৰিক আনিচুৰ ৰহমান, মনোৰঞ্জন সেন,  দেবী প্ৰসাদ চৌধুৰী, ৰাজেন্দ্ৰ প্ৰসাদ নিমোদিয়া,  ড৹ বাবুলাল মোৰ,  গীতাঞ্জলি কলিতা, নীলু আচাৰ্য্য, দিব্যজ্যোতি হাজৰিকা, ৰাজীৱ বৰাকে প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷ 

উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভনীতে শিল্পীদিৱসৰ লগত সংগতি ৰাখি ৰূপকোঁৱৰ জ্যোতি প্ৰসাদৰ প্ৰতিমুৰ্তিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলিও অৰ্পণ কৰা হয় ৷

*********