আটছাৰ গোলাঘাট জিলা সমিতিৰ পৰা তিনি নেতাক নিলম্বন : আটছাৰ বোকাখাত সমিতিৰ সন্দৰ্ভত লোৱা সিধান্ত প্ৰত্যহাৰ সাংবাদিক সন্থাৰ :

আটছাৰ গোলাঘাট জিলা সমিতিৰ পৰা তিনি নেতাক নিলম্বন  : আটছাৰ বোকাখাত  সমিতিৰ সন্দৰ্ভত লোৱা সিধান্ত প্ৰত্যহাৰ সাংবাদিক সন্থাৰ  :
Aiidesh PhotoAiidesh:

Aiidesh News  : 17 October  :

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখা সমিতিৰ বাতৰি পৰিৱেশনৰ নকৰাৰ বাবে  বোকাখাতৰ সমুহ সাংবাদিকে গ্ৰহণ কৰা সিধান্ত আজি প্ৰত্যাহাৰ কৰে সাংবাদিক সকলে ৷ শনিবাৰৰ দিনা বোকাখাত নাট্য মন্দিৰত বোকাখাতৰ সমুহ সাংবাদিক আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক ,ক্ৰীড়া সম্পাদক এক প্ৰতিনিধিৰে হোৱা এক আলোচনাত এই সিধান্ত গ্ৰহন কৰা হয় ৷ আলোচনাত ছাত্ৰ সংগঠনটোৰ শিক্ষা সম্পাদক নয়নজ্যোতি নাহক, বোকাখাত শাখাৰ উপ সভাপতি সমুজ্জল দ'ৰা, সদস্য কিষাণ তাঁতী আৰু দীপক গঞ্জু উপস্থিত থাকে ৷ 

 অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত  শাখা সমিতিয়ে ৯ অক্টোবৰত বোকাখাত নাট্যমন্দিৰত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছিল আৰু যত উপস্থিত আছিল বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ লগতে মহকুমাধিপতী ডাঃ নেহা যাদৱ ৷ কিন্তু সংগঠনটোৱে বোকাখাতৰ কোনো সাংবাদিককে অনুস্থানলৈ আমন্ত্ৰণ কৰা নাছিল ৷ যাৰ বাবে বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাব আৰু ইলেক্ট্ৰনিক মেডিয়া জাৰ্নেলিষ্ট এচোচিয়েচন বোকাখাতৰ মাজত হোৱা এই ত্ৰি পাক্ষিক আলোচনাত বোকাখাতৰ সমুহ সাংবাদিকে অনিৰ্দিষ্ট কালৰ বাবে আটছাৰ বাতৰি পৰিৱেশনৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ শনিবাৰৰ বৈঠকৰ পিচত এই সিধান্ত প্ৰত্যাহাৰ কৰে বোকাখাতৰ সমুহ সাংবাদিকে ৷ 

ইফালে ৯ অক্টোবৰত আয়োজিত আটছাৰ অনুষ্ঠানৰ মঞ্চত তেলচুৰিৰ কাৰ্যৰ লগত জড়িতহৈ অগ্ৰিম জামিন লোৱা এজন ৰাজনৈতিক ব্যক্তিক গামোছা পিন্ধাই সম্বৰ্ধনা জনোৱাৰ বাবে আটছাৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক সুশীল কালিন্দী, বোকাখাত শাখাৰ সভাপতি সুৰজিত পাইক আৰু সম্পাদক অমৃত সাগৰ তাঁতীক এমাহৰ বাবে সংগঠনৰ পৰা নিলম্বিত কৰিছে আটছাৰ গেলাঘাট জিলা সমিতিয়ে ৷ ১২ অক্টোবৰত গোলাঘাটত অনুস্থিত আটছাৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যনিৰ্বাহকত এই সিদ্ধান্ত গ্ৰহণ কৰে ছাত্ৰ সংগঠনটোয়ে ৷

**********