হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰনৰ বাবে গোৱালপাৰা জিলাৰ বৰদল গাওঁত আৰণ্য়কৰ উদ্য়োগত সৌৰ চালিত বৈদ্য়ুতিক বেৰৰ সং স্থাপন :

হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰনৰ বাবে গোৱালপাৰা জিলাৰ বৰদল গাওঁত  আৰণ্য়কৰ উদ্য়োগত সৌৰ চালিত বৈদ্য়ুতিক বেৰৰ সং স্থাপন  :
Aiidesh Photo

Aiidesh News  :  24 April 2023 :

ৰাজ্যৰ বিভিন্ন অঞ্চলত ধন-জন হানিৰ লগতে বন্যহস্তীৰ মৃত্যুৰ কাৰণ হৈ পৰা হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰনৰ বাবে গোৱালপাৰা জিলাৰ ডেওনাপাৰা দ্বিতীয় খণ্ডৰ বৰদল গাঁৱত দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন সৌৰ শক্তি চালিত বৈদ্যুতিক তাঁৰৰ বেৰ স্থাপন কৰা হৈছে  । জিলাখনত হস্তী-মানুহৰ সংঘাতৰ অন্যতম ‘হটস্পট' হিচাপে চিনাক্ত কৰা বৰদল গাঁৱৰ স্থানীয় লোকে পৰিচালনা কৰিব লগা সৌৰ শক্তিৰে চালিত বৈদ্যুতিক তাঁৰৰ বেৰা খন আৰণ্য’কে আমেৰিকাৰ ইউ এছ ফিছ এণ্ড ৱাইল্ডলাইফ ছাৰ্ভিচ নামৰ আমেৰিকাৰ সংগঠনৰ সহযোগত আৰণ্যকে সংস্থাপন কৰা বুলি জানিবলৈ দিয়ে ।

আৰণ্যকৰ বিশেষজ্ঞই জনোৱা মত্ সৌৰচালিত এই বৈদ্যুতিক তাঁৰৰ বেৰাৰ সংস্পৰ্শলৈ অহাৰ লগে লগে হাতীয়ে মাইক্ৰ' ছেকেণ্ডৰ এটা বৈদ্যুতিক শ্ব'ক পাব আৰু সেই ঠাইৰপৰা আঁতৰি যাব । আৰণ্যকে ইতিমধ্যে ৰাজ্যখনত হস্তী-মানৱৰ সংঘাতৰ ঘটনা সংঘটিত হোৱা মুঠ ১৬টা স্থানত ৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এনে সৌৰ চালিত বৈদ্যুতিক তাঁৰৰ বেৰা নিৰ্মাণ কৰিছে । গোৱালপাৰা জিলাৰ ডাকুৰভিটা, নিৰিজা কাশীবাৰী, কোচপাৰা, বাক্সা জিলাৰ উত্তৰকুছি-সুৱণখাটা, লেৱা শান্তিপুৰ, লেৱা শান্তিপুৰৰ দ্বিতীয় খণ্ড, নাগ্ৰীজুলি, ভূঞাপাৰা, দেওধৰ, ওদালগুৰি জিলাৰ ১ নং ছামৰং, চেগুনবাৰী আদিৰ উপৰিও নগাঁও আৰু গোলাঘাট জিলাতো হস্তী-মানৱ সংঘাত ৰোধৰ বাবে এনে সৌৰ চালিত বৈদ্যুতিক তাঁৰৰ বেৰা সংস্থাপন কৰিছে ।

গোৱালপাৰা জিলাৰ বৰদল গাঁৱত স্থাপন কৰা চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সৌৰ চালিত বৈদ্যুতিক তাঁৰৰ বেৰাখন যোৱা বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰঞ্জিৎ কোঁৱৰে বন বিভাগ, জিলা প্রশাসন আৰু আৰণ্যকৰ বিষয়ববীয়াৰ লগতে সৌৰ চালিত বৈদ্যুতিক তাঁৰৰ বেৰা পৰিচালনা সমিতিৰ সদস্য সকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰে ।

আৰণ্যকৰ জ্যেষ্ঠ বিশেষজ্ঞ তথা হেৰিটেজ হিৰো' ড° বিভূতি প্ৰসাদ লহকৰে কয় যে গাঁওবাসীৰ শস্য আৰু অন্য সম্পত্তিৰ লগতে প্ৰাণ ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এই সৌৰ চালিত বৈদ্যুতিক তাঁৰৰ বেৰাৰ যংস্থাপনৰ উপৰিও বন্য হাতীৰ বিচৰণভূমি পুনৰোদ্ধাৰ কৰাৰ ওপৰতো আৰণ্যকে গুৰুত্ব প্ৰদান কৰিছে । তেওঁৰ মতে এই চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰ চালিত বৈদ্যুতিক বেৰখনে বৰদল গাঁৱৰ লোকসকলৰ জীৱন-সম্পত্তি আৰু শস্যৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে হাতীৰো জীৱন ৰক্ষা কৰিব । আনহাতে, হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ লগতে এই প্রযুক্তিয়ে হস্তী-মানুহৰ শান্তিপূর্ণ সহাৱস্থানৰো পৰিৱেশ সৃষ্টি কৰিব বুলি গোৱালপাৰাৰ বন বিষয়া ধ্ৰুৱ দত্তই মন্তব্য কৰে ।

*****************