কাজিৰঙাৰ কাষৰীয় কৃষি প্ৰধান অঞ্চলৰ গাওঁৰক্ষী বাহিনীৰ মাজত প্ৰকৃতি সংগঠন আৰণ্যকৰ চাৰ্জ লাইট বিতৰণ : বন বিভাগৰ উদ্যোগত বাণীবদ্ধ ঘোষণাৰ বহুল প্ৰচাৰৰ ব্যৱস্থা :

কাজিৰঙাৰ কাষৰীয় কৃষি প্ৰধান অঞ্চলৰ গাওঁৰক্ষী বাহিনীৰ মাজত প্ৰকৃতি সংগঠন আৰণ্যকৰ চাৰ্জ লাইট বিতৰণ  : বন বিভাগৰ উদ্যোগত বাণীবদ্ধ ঘোষণাৰ বহুল প্ৰচাৰৰ ব্যৱস্থা  :
Aiidesh Photo
কাজিৰঙাৰ কাষৰীয় কৃষি প্ৰধান অঞ্চলৰ গাওঁৰক্ষী বাহিনীৰ মাজত প্ৰকৃতি সংগঠন আৰণ্যকৰ চাৰ্জ লাইট বিতৰণ  : বন বিভাগৰ উদ্যোগত বাণীবদ্ধ ঘোষণাৰ বহুল প্ৰচাৰৰ ব্যৱস্থা  :

Aiidesh News  : 14 December  2023  :

বোকাখাতৰ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাত বনাঞ্চলৰ বনৰীয়া হাতীৰ উপদ্ৰুত লক্ষ্মীজুৰি গাওঁত প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত চাৰ্জ লাইট বিতৰণ কৰা হয় ৷ গাওঁখনৰ প্ৰাথমিক বিদ্যালয়ত আয়োজিত এক সভাত কাৰ্বি পাহাৰৰ নামনিৰ লক্ষ্মীজুৰি, বালিজান আৰু লখৌজান বাগিচাৰ গাওঁৰক্ষী বাহিনীক ৫ টাকৈ চাৰ্জ লাইট প্ৰদান কৰা হয় ৷ সভাখনত প্ৰকৃতি সংগঠন আৰণ্যকৰ জেষ্ঠ সমন্বয়ক মানস কুমাৰ ভট্টচাৰ্য,  বোকাখাত বনাঞ্চলৰ উপ বনাঞ্চলিক বিষয়া অচ্যুত কৃষ্ণ গগৈ, পৰিৱেশ কৰ্মী উত্তম শইকীয়া আৰু লখৌজান চাহ বাগিছাৰ বাগিচা সংঘৰ উপ সভাপতি প্ৰভাত নাহকো উপস্থিত থাকে ৷ 

সভাত চাৰ্জ লাইট প্ৰদান কৰি মানস কুমাৰ ভট্টচাৰ্যই ৰাজ্যৰ আগশাৰীৰ বেচৰকাৰী সংগঠন আৰণ্যকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অৱ্যাহত হাতী মানুহৰ সংঘাত উপসমৰ বাবে হাতত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে বৰ্ণনা কৰা লগতে কাৰ্বি পাহাৰৰ নামনি অঞ্চলতো মানুহৰ নিৰাপত্তা আৰু হাতীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চাৰ্জ লাই বিতৰণ কৰাৰ অৱগত কৰে ৷ সভাত লখৌজানৰ প্ৰভাত নাহক,  বালিজানৰ বিকাশ বৰাইক , লক্ষ্মীজুৰিৰ চ’লমন নায়ক আৰু উপ বনাঞ্চলিক বিষয়া অচ্যুত কৃষ্ণ গগৈ আৰু পৰিৱেশ কৰ্মী উত্তম শইকীয়াই বক্তব্য ৰাখি প্ৰকৃতি সংগঠন আৰণ্যকক ধন্যবাদ জ্ঞাপন কৰে ৷

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ কাষৰীয় কৃষি প্ৰধান অঞ্চলত বনৰীয়া হাতীৰ সঘন বিচৰনৰ প্ৰতি লক্ষ্য ৰাখি আজি উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত এই সম্পৰ্কত ল'ব লগীয়া সাৱধানতাৰ ওপৰত এক বানীবদ্ধ ঘোষণা জাৰি কৰিছে ৷ বোকাখাতৰ মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত ইতিমধ্যেই এই ঘোষণা মহকুমাটোৰ গাঁৱে ভূঁঞে বহুল প্ৰচাৰৰ ব্যৱস্থা কৰিছে ৷

******