কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিকলৈ ডিফলু পথাৰ গাওঁত কাঠফুলাৰ খেতি আৰু ব্যৱসায়ৰ প্ৰশিক্ষণ :

 

Aiidesh News : 12 December 2023 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উদ্যোগত ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত বনাঞ্চলৰ ডিফলু পথাৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ উদ্যোগত আজি ডিফলু পথাৰ গাওঁৰ ৰাজহুৱা নামঘৰত কাঠফুলা খেতি আৰু ব্যৱসায় সম্পৰ্কত এক প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানত ডিফলু পথাৰ গাওঁৰ শতাধিক মহিলা আৰু পুৰুষে অংশগ্ৰহন কৰে ৷ ডেৰাডুনৰ বন্যপ্ৰাণী গৱেষণা প্ৰতিষ্ঠানৰ গৱেষক মনিষা আশ্ৰফে আঁত ধৰা এই প্ৰশিক্ষণ কাৰ্যসুচীত মাশ্বৰুম ডেভলপমেন্ট ফাউণ্ডেচনৰ সম্পাদক কাঠফুলা মানৱ প্ৰাঞ্জল বৰুৱাই সমল ব্যক্তি হিচাবে অংশ গ্ৰহন কৰি কাঠফুলা উৎপাদন আৰু ব্যৱসায় সম্পৰ্কত অংশগ্ৰহনকাৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰে ৷ প্ৰশিক্ষণৰ শেষত অংশ গ্ৰহনকাৰী সকলোকে কাঠফুলাৰ বীজ আৰু প্ৰয়োজনীয় এইচ এম বেগৰো যোগান ধৰা হয় ৷

প্ৰশিক্ষণ কাৰ্যসুচীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড৹ সোনালী ঘোষ, বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল, পৰিৱেশ কৰ্মী উত্তম শইকীয়া, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ বোকাখাত বনাঞ্চলৰ শশাংক শইকীয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ কাৰ্যালয়ৰ অনুৰাগ খাউণ্ড, গৱেষক ছাত্ৰ পদ্মজা তালুকদাৰ, কৌস্তভ বৰুৱা, পৰ্যটন উদ্যোগী চম্পক ডেকা, মেনা লুইচৰ উপৰিও ভালে সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷ প্ৰশিক্ষণত সামৰণীত সঞ্চালক ড৹ সোনালী ঘোষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁ সমুহত থকা পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি সমুহক বিভিন্ন ধৰণৰ স্ব নিয়োজনৰ আঁচনিৰ বাবে সাহাৰ্য প্ৰদান কৰা হ'ব বুলি জনায় ৷