কাজিৰঙাত পৰিৱেশ আৰু সহনশীল উন্নয়নত ন্যায়পালিকাৰ ভুমিকা শীৰ্ষক ৰাষ্ট্ৰীয় কৰ্মশালা : দেশৰ শতাধিক ন্যায়ধীশৰ অংশগ্ৰগন : কাজিৰঙাত কটকতীয়া নিৰাপত্তা ব্যৱস্থা :

 Aiidesh News : 29th October  :

কাজিৰঙাৰ কঁহৰাৰ বগৰিজুৰিত থকা আয়'ৰা নামৰ বিলাসী হোটেল খনত ২৮ আৰু ২৯ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত অনুষ্ঠিত হৈছে এখন ৰাষ্ট্ৰীয় ন্যায়িক কৰ্মশালা ৷ পৰিৱেশ আৰু সহনশীল উন্নয়ন, ন্যায়পালিকাৰ ভুমিকা - ভাৰতীয় ন্যায় ব্যৱস্থাৰ সুচাংকিত কৰা আৰু ন্যায় প্ৰদানত ইয়াৰ প্ৰভাৱ শীৰ্ষক এই ৰাষ্ট্ৰীয় কৰ্মশালাত অংশগ্রহণ কৰিছে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা উচ্চ ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ সকলে ৷ কৰ্মশালাত অহা ন্যায়াধীশ,  মন্ত্ৰী তথা অতিথি , আমোলা আৰু নিৰাপত্তাৰক্ষীৰ বাবে কাজিৰঙাৰ চৌকাষৰ চৰকাৰী আৰু ব্যক্তিগত পর্যটন নিৱাসৰ ছয় শতাধিক কোঠা আগতীয়াকৈ সংৰক্ষণ কৰা হৈছে । কৰ্মশালাত ভাৰতৰ উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়াধীশৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰায় শতাধিক ন্যায়াধীশে অংশগ্ৰহন কৰিছে ৷

আজি পুৱা কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম চায়াৰৰ উপস্থিতিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই কৰ্মশালা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে । কৰ্মশালাত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং আৰু অসম গৌৰৱ ধৰণীধৰ বড়োক উদ্যোগতাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷

আজিৰ এই অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকল ক্ৰমে এম আৰ শ্বাহ, সুৰ্য্যকান্ত, এ এছ বোপান্না, এছ ৰবিন্দ্ৰ ভাট, হৃষীকেশ ৰায়, বিক্ৰম নাথ, চি টি ৰবিকুমাৰ, এম এম সুন্দ্ৰেশ, পি এছ নৰসিংহম, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰ এম চ্চায়া, দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যাম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশৰ এডভ’কেট জেনেৰেল, ৰাজ্যৰ জিলা ন্যায়াধীশ, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ পঞ্জীয়ক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ, চৰকাৰী আৰু ন্যায়িক বিষয়া প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

কৰ্মশালাত অংশগ্ৰহন কৰিবৰ বাবে কাজিৰঙাত উপস্থিত হোৱা মুখ্য ন্যায়াধীশৰ লগতে বিভিন্ন ৰাজ্যৰ ন্যায়াধীশ সকলে ২৮ অক্টোবৰ আৰু আজি জীপচিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে ৷ আজি পুৱা কঁহৰাৰ মিহিমুখৰ প্ৰৱেশদ্বাৰত ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ প্ৰাক্ ক্ষণত ন্যায়ধীশ সকলে বিভাগীয় হাতীক আহাৰ প্ৰদান কৰে ৷ এই অনপষ্ঠানত কাজিৰঙাৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, ডি এউ অ' ৰমেশ কুমাৰ গগৈৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনৰ সকলো বনাঞ্চলিক বিষয়া উপস্থিক থাকে ৷

************