কৃত্ৰিম বুদ্ধিমত্তাত দেখুৱা পাৰ্দশিতা আৰু উদ্ভাৱনী কৌশলৰ বাবে অনুপম শইকীয়া আৰু তেওঁৰ মেটভিয়ান টেকন'লজি প্ৰাইভেট লিমিটেডলৈ আন্তৰাষ্ট্ৰীয় গেইচা বঁটা ২০২৪ : দিল্লীত অনুষ্ঠিত চতুৰ্থ গ্ল’ৱেল এ আই চুমিটৰ বিশেষ অনুষ্ঠানত এই বঁটা গ্ৰহন কৰে অনুপম শইকীয়াই :

Aiidesh Photo

Aiidesh News : 19 January 2024 : 

স্বয়ংক্ৰিয়তাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ ক্ষেত্ৰ দেখুৱা পাৰদৰ্শিতাৰ বাবে মুম্বাই নিৱাসী বোকাখাতৰ যুৱক অনুপম শইকীয়া আৰু তেওঁৰ কাৰিকৰী প্ৰতিষ্ঠান মেটাভিয়ান টেকন’লজি প্ৰাইভেট লিমিটেডলৈ দেশৰ আগশাৰীৰ গ্ল'ৱেল এ আই চুমিটৰ গেইচা বঁটা ২০২৪ প্ৰদান কৰা হয় ৷ নতুন দিল্লীৰ মানেকশ্ব’ চেন্টাৰত ১৮ আৰু ১৯ জানুৱাৰীত অনুষ্ঠিত চতুৰ্থ সংখ্যক গ্লৱেল এ আই চুমিটত অনুপম শইকীয়াই এই বঁটা গ্ৰহন কৰে ৷ 

মুম্বাইস্থিত মেটাভিয়ান টেকন'লজি প্ৰাইভেট লিমিটেডৰ কাৰ্যবাহী বিষয়া হিচাবে কৰ্মৰত অনুপম শইকীয়া দেশৰ আগশাৰী গ্ল'ৱেল এ আই চুমিটত মেটভিয়ান টেকন’লজিৰ হৈ তেওঁ নেতৃত্বত প্ৰস্তুত কৰা মেটাস্কিলজ ভি আৰ ( MetaSkillz VR ) নামৰ নতুন ভাৰ্চুয়েল ৰিয়েলিটিৰ কাৰ্যাৱলী প্ৰদৰ্শন কৰে ৷ দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত চতুৰ্থ সংখ্যক গ্লৱেল এ আই চুমিটত ভাৰতৰ উপৰিও বিশ্বৰ বিভিন্ন দেশৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বহু আগশাৰীৰ অভিযন্তাই অংশ গ্ৰহন কৰে । অনুষ্ঠানত উপস্থিত থকা ভাৰতীয় নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰিকুমাৰে অনুপম শইকীয়া দক্ষতাৰ প্ৰশংসা কৰি তেওঁ মেটাভিয়ান  ৰ সৈতে সহযোগিতাৰে কাম কৰাৰ কথা ঘোষণা কৰে ৷ 

উল্লেখ্য যে মেটাভিয়ান টেকন'লজি প্ৰাইভেট লিমিটেডে ইতিমধ্যেই কৃত্ৰিম বুদ্ধিমত্তা আৰু ভাৰ্চুয়েল ৰিয়েলিটি ক্ষেত্ৰখত নতুন নতুন প্ৰযুক্তিৰ উদ্ভাৱনেৰে দেশ ভিতৰতে শীৰ্ষ স্থান লাভ কৰাৰ উপৰিও আন্ত:ৰাষ্ট্ৰীয় স্তৰতো জনপ্ৰিয়তা লাভ কৰিছে  ৷ গ্লৱেল এ আই চামিট বঁটা ২০২৪ লাভ কৰিবলৈ সক্ষম হোৱা অনুপম শইকীয়া বোকাখাতৰ প্ৰবীণ সাংবাদিক প্ৰয়াত ভৱেশ শইকীয়া আৰু বিশিষ্ট শিক্ষাবিদ চন্দ্ৰপ্ৰভা শইকীয়াৰ কনিষ্ঠ পুত্ৰ আৰু এইদেশ নিউজ গোষ্ঠীৰ সঞ্চালক মণ্ডলীৰ এজন ৷

উল্লেখযোগ্য যে শেহতীয়াকৈ মেটাভিয়ানে ভাৰতৰ প্ৰধান কাৰিকৰী প্ৰতিষ্ঠান আই আই টি বম্বেৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় বজাৰৰ বাবে এ আই আৰু ভাৰ্চুৱেল ৰিয়েলিটি ব্যৱহাৰ কৰি বিভিন্ন উন্নত এপ্লিকেচন প্ৰস্তুত কৰাৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে

********