সাংবাদিক দেৱজিত বৰাক অভব্য ব্যৱহাৰ

সাংবাদিক দেৱজিত বৰাক অভব্য ব্যৱহাৰ
সাংবাদিক দেৱজিত বৰা

পৃথিৱীৰ এই জটিল সময়ত আৰক্ষী, প্ৰশাসনে জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সেৱা আগবঢ়াই আহিছে। তাৰ মাজতে একাংশ আৰক্ষীয়ে ক্ষমতাৰ অপপ্ৰয়োগেৰে উদণ্ড মানসিকতাৰ পৰিচয় দি আহিছে। হঠাৎ একাংশ চৰকাৰী বিষয়াই দণ্ডাধীশৰ ক্ষমতা পাই গুৰু-গোঁসাই একো নমনা হৈছে। উন্মত্ত হৈ ক্ষমতাৰ অপপ্ৰয়োগেৰে নিজৰ লগতে প্ৰশাসনলৈও অপযশ কঢ়িয়াইছে । এই সকলক প্ৰশাসনে নিয়ন্ত্ৰণ নকৰিলে প্ৰশাসন আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কই জটিল ৰূপ ল'ব পাৰে।
কালি যোৰহাট প্ৰেছ ক্লাৱৰ সদস্য, 'আছাম টকচ'ৰ সাংবাদিক দেৱজ্যোতি বৰাকসৈতে আৰক্ষীয়ে যি অভব্য ব্যৱহাৰ কৰা কাৰ্যক দল-সংগঠনে গৰিহণা আৰু দোষীক উপযুক্ত শাস্তিৰ দাবী জনাইছে