কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ গৰাকী মহিলা বনকৰ্মীলৈ বালিপাৰা ফাউণ্ডেচনৰ গ্ৰেট পিপুলচ ফৰেষ্ট ২০২৩ ৰ বঁটা :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  ৬ গৰাকী মহিলা বনকৰ্মীলৈ বালিপাৰা ফাউণ্ডেচনৰ গ্ৰেট পিপুলচ ফৰেষ্ট ২০২৩ ৰ বঁটা  :
Aiidesh Photo
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  ৬ গৰাকী মহিলা বনকৰ্মীলৈ বালিপাৰা ফাউণ্ডেচনৰ গ্ৰেট পিপুলচ ফৰেষ্ট ২০২৩ ৰ বঁটা  :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  ৬ গৰাকী মহিলা বনকৰ্মীলৈ বালিপাৰা ফাউণ্ডেচনৰ গ্ৰেট পিপুলচ ফৰেষ্ট ২০২৩ ৰ বঁটা  :

Aiidesh News  : 20 December  2023  :

পুৱ হিমালয় অঞ্চলৰ বন পৰিৱেশ আৰু জলবায়ুৰ সম্পৰ্কত আলোচনাৰ বাবে ১৮ আৰু ১৯ ডিচেম্বৰত গুৱাহাটীত  ১১ সংখ্যক ইষ্টাৰ্ণ  হিমালয়ান নেচাৰনোমিক্স টি এম ফ'ৰাম অনুষ্ঠিত হয় ৷ বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত দুদিনীয়া এই কাৰ্যসুচীৰ ১৯ ডিচেম্বৰ দিনৰ কাৰ্যসুচীত ১১ সংখ্যক বালিপাৰা ফাউণ্ডেচন বঁটা ২০২৩ প্ৰদান কৰা হয় । 

এই অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পানবাৰী বন শিৱিৰৰ ৬ গৰাকী মহিলা বনকৰ্মীক ২০২৩ চনৰ বালিপাৰা ফাউণ্ডেচন বঁটাৰ লগতে বনকৰ্মী আৰু ৰেঞ্জাৰ বঁটা প্ৰদান কৰা হয় । বালিপাৰা ফাউণ্ডেচনৰ এই বিশেষ বঁটা লাভ কৰা মহিলা বনকৰ্মী সকল হ'ল নামপ' পেগু, পুৰৱী চেতিয়া, প্ৰিয়ংকা বৰা, উষামনি গগৈ,মাৰ্টিনা গগৈ আৰু সংগীতা বৰা ৷

বন বন্যপ্ৰাণী আৰু পৰিৱেশৰ প্ৰতি থকা আন্তৰিক প্ৰেমে এই মহিলা বনকৰ্মী সকলক বন বিভাগৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল আৰু এই বিভাগত যোগদান কৰিয়েই তেওঁলোকে বন আৰু বন্যপ্ৰাণীৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে তেওঁলোকৰ সেৱা আগবঢ়াই আহিছিল ৷

উল্লেখ্য যে চলিত বৰ্ষৰ জুন মাহত ২৫০০ গৰাকীতকৈও অধিক বনকৰ্মীক ৰাজ্যৰ বন বিভাগত নতুনকৈ নিযুক্তি দিয়া হৈছিল ৷ এই নৱ নিযুক্ত বনকৰ্মী সকলক আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰত ৩ মাহৰ কঠোৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পিচক বিভিন্ন স্থানত নিযুক্তি দিয়া হৈছিল । কাজিৰঙাত নিযুক্ত এই মহিলা বনকৰ্মী কঠোৰ পৰিশ্ৰম আৰু আন্তৰিকতাৰে আৰু পুৰুষ দমিত কৰ্তব্য যেনে টংগীত থাকি পহৰা, ৰাষ্ট্ৰীয়পথাংশত নিশাৰ পহৰা, অৰণ্যৰ মাজৰ পহৰা আদি কৰ্তব্য পালন কৰি নিজৰ দক্ষতা প্ৰতিপন্ন কৰিছে । লগতে কাজিৰঙাৰ কাষৰীয় গাওঁৰ পৰিৱেশ উন্নয়ন সমিতিৰ সদস্য সচিব হিচাবে সুচাৰূপে সেৱা আগবঢ়াই  বহনক্ষম উন্নয়নৰ বাবে বনাঞ্চলৰ কাষৰীয় অঞ্চলৰ আন মহিলাসকলৰ সৈতে বাৰ্তালাপ আৰু সংযোগ স্থাপন কৰিব কৰি অন্য এক নিদৰ্শনো দাঙি ধৰিছে ।  বোকাখাত বনাঞ্চলৰ অধীনৰ পানবাৰী বনশিৱিৰৰ মহিলা বনকৰ্মী সকলক এই বঁটা প্ৰদান কাৰ্যই কাজিৰঙাৰ বনকৰ্মী সকলক উৎসাহিত কৰাৰ লগতে মনোবল বৃদ্ধিতো সহায় কৰিছে ৷ 

*********