বোকাখাতৰ মৰিধনশিৰি নদীৰ ঘাটত দুদিনীয়াকৈ ছঠ পূজাৰ আয়োজন :
Aiidesh News : 28 October - 2025 :
পূৰ্বৰ পৰম্পৰা অনুসৰি বোকাখাতৰ মৰিধনশিৰিৰ ঘাটত ধৰ্ম্মীয় ৰীতি-নীতিৰে দুদিনীয়া কাৰ্যসূচীৰে ছঠ পূজাৰ আয়োজন কৰা হয় । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে অনুষ্টুপীয়া আৰু মাংগলিক পূজা অৰ্চনাৰে বোকাখাতৰ ছঠ পূজা ঘাট ট্রাষ্টৰ সৌজন্যত এই ছঠ পূজাৰ আয়োজন কৰা হয় ৷ দুদিনীয়া কাৰ্যসুচীৰে আয়োজিত এই পূজাৰ ২৭ অক্টোবৰৰ প্ৰথম দিনা দুপৰীয়া ২ বজাৰ পৰা মৰিধনশিৰি নদীৰ ঘাটত পূজা অর্চনা কৰি সন্ধ্যালৈ ব্রতধাৰী সকলৰ দ্বাৰা সন্ধ্যাকালীন অর্থঃ সন্ধ্যা পালন কৰা হয় ৷ ইয়াৰ বাবে আটক ধুনীয়াকৈ মৰিধনশিৰি নদীৰ ঘাটত বিশেষ আয়োজন কৰা হয় ৷ যোৱা নিশাৰ পূজা অৰ্চনাৰ পিচত আজি পুৱা ৫ বজাতে আৰতী আৰু পূর্ণাহুতিৰ লগতে ব্রতধাৰীসকলৰ দ্বাৰা প্ৰাতঃকালীন পুজা সম্পন্ন কৰা হয় ৷ পৰৱৰ্তী সময়ত সমবেত লোকৰ মাজত প্ৰসাদ বিতৰণ কৰা হয় ৷
*********







