নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদ ৷

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদ ৷

 

যোৰহাট জিলাত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সোমবাৰে নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে ৷ যোৱা দীৰ্ঘ দিন ধৰি কৃষক মুক্তি, যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ সন্থাকে আদি কৰি কেইবাটাও সংগঠনে এই প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত বাধা আৰোপ কৰি আহিছে ৷ তাৰ পিছতো NHPC য়ে সকলো বাধা আওকাণ কৰি ২০২২ চনৰ ভিতৰত প্ৰকল্পৰ সকলো কাম সম্পূৰ্ণ হ’ব বুলি মন্তব্য আগবঢ়ায় ৷ তাৰ পৰিপ্ৰেক্ষিতত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে অসম চৰকাৰক প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবী জনায় ৷ এই ক্ষেত্ৰত বৃহৎ নদীবান্ধ আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই ব্ৰহ্মপুত্ৰ উপত্যকাক ধ্বংসৰ মুখলৈ ঠেলি নিয়াৰ আশংকা প্ৰকাশ কৰিছে ৷