বোকাখাত সমজিলাৰ ১২ খন শিক্ষানুষ্ঠানত আয়োজিত অনুষ্ঠানত মুঠ ১৮৮৯ গৰাকী ছাত্ৰীলৈ মুখ্যমন্ত্ৰী নিযুত মইনা ২.০ আঁচনিৰ চেক বিতৰণ :

বোকাখাত সমজিলাৰ ১২ খন শিক্ষানুষ্ঠানত আয়োজিত অনুষ্ঠানত মুঠ ১৮৮৯ গৰাকী ছাত্ৰীলৈ মুখ্যমন্ত্ৰী নিযুত মইনা ২.০ আঁচনিৰ চেক বিতৰণ  :
Aiidesh photo
বোকাখাত সমজিলাৰ ১২ খন শিক্ষানুষ্ঠানত আয়োজিত অনুষ্ঠানত মুঠ ১৮৮৯ গৰাকী ছাত্ৰীলৈ মুখ্যমন্ত্ৰী নিযুত মইনা ২.০ আঁচনিৰ চেক বিতৰণ  :

Aiidesh News : 28 October - 2025 :

ৰাজ্যৰ ৩,৫০,২৬৫ গৰাকী ছাত্ৰীলৈ ২৭ অক্টোবৰত আগবঢ়োৱা হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা ২.০" আঁচনিৰ আৰ্থিক অনুদানৰ চেক ৷ কন্যা শিক্ষাৰ্থীৰ উচ্চ শিক্ষা গ্রহণ আৰু বাল্য বিৱাহ ৰোধৰ বাবে এই আঁচনিৰে আৰ্থিক অনুদান প্ৰদান কৰা হৈছে ৷ বোকাখাত সম জিলাৰ ১২ খন শিক্ষানুষ্ঠানতো ২৭ অক্টোবৰত মুখ্যমন্ত্ৰী নিযুত মইনা ২.০ আঁচনিৰ  কেন্দ্ৰীয় আনুষ্ঠানৰ পোনপতীয়া সম্প্ৰচাৰৰ লগতে আৰ্থিক অনুদানৰ চেক বিতৰণ কাৰ্যসুচী অনুষ্ঠিত হয় ৷ বোকাখাত সমজিলা প্ৰশাসনৰ উদ্যোগত সোমবাৰৰ দিনা সমজিলাখনৰ ১২ খন শিক্ষানুষ্ঠানত আয়োজিত বিশেষ কাৰ্যসুচীত মুঠ ১৮৯৮ গৰাকী ছাত্ৰীক মুখ্যমন্ত্ৰী নিযুত মইনা ২.০ চেক প্ৰদান কৰা হয় ৷ ইয়াৰ ভিতৰত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়তেই সৰ্বাধিক ৭৮৪ গৰাকী ছাত্ৰীক মুখ্যমন্ত্ৰী নিযুত মইনা ২.০ আঁচনিৰ চেক বিতৰণ কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই ৷ একেদৰে চি এন বি মহাবিদ্যালয়ত বোকাখাতৰ পৌৰপতি ৰত্নেশ্ব বৰুৱাই , কাজিৰঙাৰ  চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত সমাজকৰ্মী দেৱপ্ৰদীপ বৰাই, কমাৰগাওঁ মহাবিদ্যালয়ত অনিমেষ শইকীয়াই, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জগত চন্দ্ৰ কলিতাই, দুসুঁতিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জি ডাব্লিউ এ পিৰ সভাপতি জয়ন্তী লইঙে, কমাৰগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী পূৰ্ণিমা দাসে, কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা পৰিষদৰ সদস্য সীতা পানিকাই, মহুৰামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সমাজকৰ্মী বেদব্ৰত বৰাই, নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা পৰিষদৰ সদস্য নৰেণ বৰিয়ে, ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা পৰিষদৰ সদস্যা মামনী গাজলুয়ে আৰু ভোলাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আই টি ডি পিৰ সভাপতি নিজু লয়িঙে হিতাধিকাৰী ছাত্ৰী সকলৰ মাজত "*মুখ্যমন্ত্ৰী নিযুত মইনা ২.০" আঁচনিৰ চেক বিতৰণ কৰে ৷ উল্লেখ্য যে এই আঁচনিখনৰ জৰিয়তে একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে ১০০০, স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীয়ে ১২৫০ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ প্ৰতিগৰাকী ছাত্ৰীলৈ ২৫০০ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে ৷  

********