প্ৰয়াত ভৱেশ শইকীয়া স্মাৰক এইদেশ বঁটাৰ ঘোষণা : দেৰগাওঁৰ প্ৰবীন সাংবাদিক মহেন্দ্ৰ নাথ হাজৰিকালৈ শ্ৰেষ্ঠ সাংবাদিকতা আৰু বোকাখাতৰ পাপুমনি হাজৰিকালৈ শ্ৰেষ্ঠ যুৱ উদ্যোগী বঁটা : প্ৰয়াত ভৱেশ শইকীয়াৰ ৯৫ সংখ্যক জন্ম দিৱসত প্ৰদান কৰা হ'ব এই বঁটা :

 

Aiidesh News : 4 January 2024 :

অসমত ২০১৭ আৰম্ভ হোৱা অসমৰ অন্যতম অন লাইন সংবাদ প্ৰতিষ্ঠান এইদেশৰ উদ্যোগত বোকাখাতৰ জেষ্ঠ সাংবাদিক, আপকুৰ আৰু বোকাখাতৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ভৱেশ শইকীয়াৰ সোঁৱৰণীত দুটাকৈ বঁটা আজি আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হয় ৷ আজি বোকাখাতত অনুষ্ঠিত এক বৈঠকত বঁটাৰ বাবে নিয়োজিত কৰা নিৰ্বাচক মণ্ডলীয়ে এইদেশ সংবাদ গোষ্ঠীৰ ৰাজ্যিক পৰ্যায়ত ভৱেশ শইকীয়া স্মাৰক শ্ৰেষ্ঠ সাংবাদিক বঁটা ২০২৩ বাবে দেৰগাওঁৰ প্ৰবীন সাংবাদিক মহেন্দ্ৰ নাথ আৰু জিলা পৰ্যায়ৰ ভৱেশ শইকীয়া স্মাৰক শ্ৰেষ্ঠ যুৱ উদ্যোগী বঁটা ২০২৩ বাবে বোকাখাত চিনাকানৰ বিশিষ্ট মৌ পালক পাপুমনি হাজৰিকাক নিৰ্বাচন কৰে ৷

উল্লেখ্য যে অহা ১৬ জানুৱাৰীত বোকাখাত পুৱতি সাহিত্য সভাৰ উদ্যোগত বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সন্থা, সন্ধানী লেখিকা সমাৰোহ সমিতি, ইমজা বোকাখাত , বোকাখাত নাট্যমন্দিৰ আৰু কাজিৰঙা নিউজ নেটৱৰ্কৰ সহযোগত আয়োজিত প্ৰয়াত ভৱেশ শইকীয়াৰ ৯৫ সংখ্যক জন্মদিৱস আৰু স্মৃতিচাৰন সভা বোকাখাতত অনুষ্ঠিত হ'ব ৷ এই সভাতে এইদেশ সংবাদৰ এই  দুই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব ৷ এই বঁটাত ভৱেশ শইকীয়াৰ স্মাৰক, নগদ ধন আৰু প্ৰশস্তিপত্ৰ থাকিব বুলি এইদেশ সংবাদৰ তৰফৰ পৰা জনায় ৷