প্রাক্তন ৰাজ্যিক ফুটবলাৰ দুকালু মুণ্ডাৰ অকাল বিয়োগ

প্রাক্তন ৰাজ্যিক ফুটবলাৰ দুকালু মুণ্ডাৰ অকাল বিয়োগ
ৰাজ্যিক ফুটবলাৰ দুকালু মুণ্ডা

ৰাজ্যখনৰ এগৰাকী কৃতী ৰাজ্যিক ফুটবলাৰ, অসম পুলিচ দলৰ প্রাক্তন দুর্ধর্ষ ফৰৱার্ড বর্তমানৰ অসম পুলিচৰ কমাণ্ডো বাহিনীৰ হাবিলদাৰ মৰাণ হিংৰিজান বাগিচা নিৱাসী প্রয়াত পইতু মুণ্ডাৰ পুত্র দুকালু মুণ্ডাৰ যোৱা ৭ এপ্রিলৰ দিনা আকস্মিকভাৱে মৃত্যুমুখত পৰে৷

প্রাপ্ত খবৰ অনুসৰি, উক্ত দিনা বর্তমানে তেওঁৰ কর্মস্থান লেখাপানীৰ নিজ ৰূমৰ পৰা দিনৰ ২ মান বজাত পথলৈ ওলাই অহা অৱস্থাত হঠাৎ মাটিত পৰি যায় আৰু মূৰত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷ লগে লগে তেওঁক সতীর্থসকলে লেখাপানী, জাগুনত প্রাথমিক চিকিৎসা প্রদান কৰে যদিও অসম চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰে আৰু ডিব্রুগড় এ এম চি হস্পিটেল পোৱাৰ মুহূর্তত ৪-৩০ মান বজাত শেষ নিশ্বাস ত্যাগ কৰে৷

উল্লেখযোগ্য যে ১৯৮৭-৮৮ চনত প্রাক্তন আন্তঃৰাষ্ট্রীয় ফুটবলাৰ মৰাণৰ ডাঃ গিৰীশ ফুকনৰ তত্ত্বাৱধানত ফুটবলৰ ক্রীড়া ক্ষেত্রলৈ প্রৱেশ কৰি পৰৱর্তী সময়ত শিৱসাগৰ জিলাৰ দিচাংপানীৰ খালৈ ঘোগোৰা নাহৰতলীস্থিত অসম জ্যোতি সংঘত পঞ্জীয়ন কৰি খেলুৱৈ জীৱন আৰম্ভ কৰে৷ পৰৱর্তী সময়ত চৰাইদেউ জিলা ফুটবল দলক আন্তঃজিলা প্রতিযোগিতাসমূহত একাধিকবাৰ প্রতিনিধিত্ব কৰি নিজৰ অসাধাৰণ ক্রীড়াশৈলী প্রদর্শনেৰে ক্রীড়াপ্রেমীৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হয় আৰু খেলপথাৰত এগৰাকী দ্রুতগতিসম্পন্ন ফৰৱার্ডৰূপে পৰিগণিত হয়৷

ইয়াৰ পাছত দুকালু মুণ্ডাই ডিব্রুগড় জিলা ক্রীড়া সন্থাত পঞ্জীয়নভুক্ত হৈ ডিব্রুগড় অভ্যন্তৰীণ জল পৰিবহণ নিগমৰ ফুটবল দলৰ হৈ ডিব্রুগড় লীগত অংশগ্রহণ কৰে৷ ১৯৯৩ চনত তেওঁ ৰাজ্যিক দলত নির্বাচিত হৈ জম্মু আৰু কাশ্মীৰত অনুষ্ঠিত ৰাষ্ট্রীয় জুনিয়ৰ ফুটবল দলক প্রতিনিধিত্ব কৰি কৃতিত্ব অর্জন কৰিছিল৷ ৯০ দশকৰ এগৰাকী দুর্ধর্ষ ফৰৱার্ড দুকালু মুণ্ডাই ১৯৯৭-৯৮ চনমানত তেওঁ ক্রীড়াসূত্রে চাকৰি লাভ কৰি অসম পুলিচ দলত খেলিবৰ সুবিধা লাভ কৰে৷

তেওঁ উক্ত সময়ছোৱাত অসম পুলিচ দলৰ হৈ খেলি অসমৰ প্রায়বোৰ আগশাৰীৰ ফুটবল টুর্নামেণ্টত অনবদ্য ক্রীড়শৈলী প্রদর্শনেৰে দর্শকৰ মন জয় কৰাৰ উপৰি তেওঁ একাধিকবাৰ সর্বভাৰতীয় পুলিচ ফুটবল প্রতিযোগিতাতো পুলিচ দলক প্রতিনিধিত্ব কৰিছিল৷ দুকালুৰ অকাল মৃত্যুত উজনি অসমৰ ক্রীড়া ক্ষেত্রত শোকৰ ছাঁ পৰে৷ তেওঁৰ মৃত্যুত প্রাক্তন ৰাষ্ট্রীয় ফুটবলাৰ ডাঃ গিৰীশ ফুকন, তেওঁৰ সতীর্থ খেলুৱৈ ক্রমে বিমান ৰাজখোৱা, সঞ্জীৱ সোণোৱাল, হৰেন লিকচনৰ উপৰি অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলে, সম্পাদক হেমেন্দ্র নাথ ব্রহ্ম, কোষাধ্যক্ষ হীৰেন গগৈ, চৰাইদেউ জিলা ক্রীড়া সন্থাৰ সাধাৰণ সম্পাদক ইমদাদ হুছেইন, ডিব্রুগড় জিলা ক্রীড়া সন্থাৰ সভাপতি ডাঃ দেৱজিৎ দত্ত, সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়া, জ্যেষ্ঠ ক্রীড়া সাংবাদিক তথা প্রাক্তন ৰেফাৰী শশীন্দ্রলাল ভূঞা, প্রাক্তন ফুটবলাৰ জয়ন্ত বিজয় শর্মা, মৰাণ জিলা ক্রীড়া সন্থা, অসম জ্যোতি সংঘ প্রমুখ্যে বিভিন্ন ক্রীড়ানুষ্ঠান, প্রতিষ্ঠানে গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জনায়৷

মৃত্যুৰ সময়ত মাত্র ৪৭ বছৰ হোৱা দুকালু মুণ্ডাই পৰিবাৰৰ লগতে ১৩ বছৰীয়া একমাত্র জীয়েক মনালিছা মুণ্ডাৰ লগতে বহুসংখ্যক জ্ঞাতি-কুটুম্ব এৰি থৈ যায়৷ যোৱা ৮ এপ্রিলৰ দিনা বিয়লি অসম আৰক্ষী বিষয়া প্রমুখ্যে বহুসংখ্যক শুভাকাংক্ষীৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷