বোকাখাতত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসুচী : জনতাৰ আদালতত দোষী সাব্যস্ত হোৱা শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ প্ৰতিকৃতিৰ ৰাজহুৱাকৈ ফাঁচী :
Aiidesh News : 23 October - 2025 :
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যসুচীৰ লগত সংগতি ৰাখি আজি বোকাখাততো জনতাৰ আদালতত দোষী সাব্যস্ত হোৱা শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ প্ৰতিকৃতিৰ ৰাজহুৱাকৈ ফাঁচী প্ৰদান কৰা হয় ৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বাবে দোষী সাব্যস্ত হোৱা শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ পুত্তলিকাক বোকাখাত নগৰৰ মাজ মজিয়াত ফাঁচী কাঠত ওলমাই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ এই প্ৰতিবাদী কাৰ্যসুচীত সংগঠনটোৰ কেন্দ্ৰীয় উপ সভাপতি বিপুল বৰা, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক নীলোৎপল খাউণ্ড, বোকাখাত জিলা সমিতিৰ সভাপতি হেমন্ত বৰা, সম্পাক প্ৰাঞ্জল ভৰালীৰ আৰু কিশোৰ ছেত্ৰীৰ লগতে সংগঠনৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷ শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ পুত্তলিকাক ফাঁচী কাঠত ওলমোৱাৰ লগতে জুবিন গাৰ্গ অমৰ হওঁক, জুবিন গাৰ্গক ন্যায় দিয়ক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
***********







