বিশ্বৰ পৰ্যটকৰ বাবে ১ মে’ পৰা হাতী আৰু ১৬ মে'ৰ পৰা জীপ চাফাৰী বন্ধ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত :

বিশ্বৰ পৰ্যটকৰ বাবে ১ মে’ পৰা হাতী আৰু ১৬ মে'ৰ পৰা জীপ চাফাৰী বন্ধ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত :
Aiidesh Photo

Aiidesh News  : 26 April -2024 : 

পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিঘ্নেশয়ে প্ৰকাশ কৰা এক বিভাগীয় জাননী মতে বিশ্বৰ পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চলিত পৰ্যটন বৰ্ষৰ বাবে অহা ১ মে’ৰ পৰা বন্ধ হ'ব ৷ জাননী মতে অহা ১ মে’ ৰ পৰা কাজিৰঙাৰ হাতী চাফাৰী আৰু ১৬ মে'ৰ পৰা জীপ চাফাৰি চলিত পৰ্যটন বৰ্ষৰ বাবে বন্ধ হ'ব ৷ পুনৰ জাননী জাৰি নকৰা পৰ্যন্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ থাকিব ৷ 

উল্লেখ্য যে  ২৮ বছৰৰ আগতে ১৯৯৬-৯৮ পৰ্য্যটন বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যা আছিল ১৮,৩৮২ জন আৰু এই পৰ্যটক সকলৰ পৰা কাজিৰঙাই লাভ কৰিছিল ১৭ লাখ টকা ৷ এই তথ্যৰ সুদীৰ্ঘ ২৮ বছৰৰ সমুহ ৰেকৰ্ড ভঙ্গ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চলিত পৰ্যটন বৰ্ষত পুৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে ৷ ২০২৩ - ২৪ বিত্তীয় বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা ৩,২৭,৪৯৩ গৰাকী বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷ ইয়াৰে মুঠ ৩,১৩,৫৭৪ গৰাকী দেশীয় পৰ্যটক আৰু ১৩,৯১৯ গৰাকী বিদেশী পৰ্যটক ৷ এই পৰ্যটক সকলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে লাভ কৰে মুঠ ৮,৮১,৮৪,১৬১ টকাৰ পৰিমানৰ ৰাজহ ৷ 

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটা বন সংমণ্ডলৰ ভিতৰত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলে মুঠ ৩২,০৯৬১ গৰাকী পৰ্যটকৰ পৰা আৰু ৮,৫৯,৪৮,৩৫১ টকাৰ ৰাজহ,  নগাওঁ বন সংমণ্ডলে ৩,৪৮৪ গৰাকী পৰ্যটকৰ পৰা ৬২,৪০০ টকাৰ ৰাজহ আৰু বিশ্বনাথ বন সংমণ্ডলে ৩,০৪৮ গৰাকী পৰ্যটকৰ পৰা ১৬,১১,৮১০ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ বিগত ২০২২  - ২৩ বিত্তীয় বৰ্ষত কাজিৰঙাই দেশী বিদেশী মুঠ ৩,১৪,৭৯৬ গৰাকী পৰ্যটকৰ পৰা মুঠ ৮,৩৩,৮৫,৪৮৩ টকাৰ ৰাজহ লাভ কৰিছিল ৷ যাৰ পটভুমিত পুৰ্বৰ তুলনাত ২০২৩ - ২৪ বিত্তীয় বৰ্ষত ১২,৬৯৭ জন দেশী বিদেশী পৰ্যটক বৃদ্ধি পোৱাৰ উপৰিও কাজিৰঙাই পুৰ্বতকৈ ৪৭,৯৮,৬৭৮ টকাৰ অধিক ৰাজহ লাভ কৰিবলৈ সক্ষম হয় ৷  

**********