কাজিৰঙাৰ পানবাৰী এনিমেল কৰিডৰত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ আৱৰ্জনা পৰিস্কাৰ অভিযান :
Aiidesh News : 27 April- 2024 :
আগন্তুক বাৰিষাৰ প্ৰাকক্ষণত বন্যপ্ৰাণীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম গুৰুত্বপূৰ্ণ এনিমেল কৰিডৰত আজি আৱৰ্জনা পৰিস্কাৰ অভিযান চলায় বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত মহাবিদ্যালয় খনৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ মুঠ ১৬ গৰাকী ছাত্ৰ ছাত্ৰীয়ে আজি পানবাৰী এনিমেল কৰিডৰত ৩৭ নং ৰাষ্ট্ৰীয় পথৰে চলাচল কৰা গাড়ী আৰু যাত্ৰীয়ে দুয়ো কাষে পেলায় যোৱা আৱৰ্জনা সমুহ পৰিস্কাৰ কৰে ৷ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ সমন্বয়ক অধ্যাপক প্ৰশান্ত শইকীয়া আৰু অধ্যাপক মতিৰাম দাসৰ নেতৃত্বত অহা ছাত্ৰ ছাত্ৰীৰ দলটোয়ে পানবাৰী এনিমেল কৰিডৰৰ পৰা ১২৮ কিলোগ্ৰাম আৱৰ্জনা সংগ্ৰহ কৰি পৰিস্কাৰ কৰে ৷ এই উপলক্ষে পৰিবেশ কৰ্মী উত্তম শইকীয়াই আঁত ধৰা অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ আৰু বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল উপস্থিত থাকে ৷ কৰিডৰত আৱৰ্জনা পৰিস্কাৰ অভিযান উদ্ধোধন কৰাৰ উপৰিও তিনিও গৰাকী বিষয়াৰ লগতে পানবাৰী বনশিৱিৰৰ বনকৰ্মী সকলেও এই পৰিস্কাৰ অভিযানত অংশ গ্ৰহন কৰে ৷ পানবাৰী এনিমেল কৰিডৰৰ আৱৰ্জনা পৰিস্কাৰ কৰাৰ বাবে সঞ্চালক ড৹ সোনালী ঘোষে জে ডি এছ জি মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰী সকলক ধন্যবাদ জ্ঞাপন কৰে ৷ পৰৱৰ্তী সময়ত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভপতি বুবুল দত্তইও অভিযানত উপস্থিত হৈ ছাত্ৰ ছাত্ৰী সকলৰ এনে কাৰ্যৰ শলাগ লৈ উৎসাহিত কৰে ৷
উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী সংৰক্ষিত বনাঞ্চল আৰু তৃতীয় সংযোজন এলেকাত অৱস্থিত পানবাৰী এনিমেল কৰিডৰটো বন্যপ্ৰাণীৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ ৷ বিশেষকৈ বানপানীৰ সময়ত প্লাৱিত কাজিৰঙাৰ বন্যপ্ৰাণীয়ে এই কৰিডৰটোৰেই দক্ষিনৰ কাৰ্বি পাহাৰলৈ প্ৰব্ৰজন কৰে ৷ এই কৰিডৰেদি পাৰহৈ যোৱা ৰাষ্ট্ৰীয় ঘাই পথৰে যোৱা যান বাহন আৰু যাত্ৰীয়ে পেলায় যোৱা খাদ্য সামগ্ৰীৰ অৱশিষ্ট, বিভিন্ন পেকেট বা প্লাষ্টিৰ বটল আদিয়ে বন্যপ্ৰাণীৰ বাবে বিপদ জনক হৈ পৰে ৷ বিগত সময়তো জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই কৰিডৰৰ পৰা আৱৰ্জনা পৰিস্কাৰ কৰি বন্যপ্ৰাণী যাতায়তৰ বাবে নিৰাপদ কৰি তুলিছিল ৷ আজিৰ পৰিস্কাৰ অভিযানৰ পিচত কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে বাৰিষাৰ আগে আগে কাজিৰঙাৰ কাষৰীয় মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যানৰ বাকী এনিমেল কৰিডৰতো এনে ধৰণৰ অভিযান চলোৱা হ'ব বুলি জানিবলৈ দিয়ে ৷
************
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
