২০২৪ চনৰ ৯ আৰু ১০ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হ'ব পক্ষী গননা আৰু পক্ষী সংৰক্ষন উৎসৱ : দেশৰ বিভিন্ন প্ৰান্তৰৰ পক্ষীবিদ আৰু পক্ষী নিৰীক্ষকে অংশ ল'ব এই পক্ষী গননাত :

Aiidesh News : 25 December 2024 :

বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ আৰু ভাৰতৰ গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ২০২৪ চনৰ  ৯ আৰু ১০ জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব পৰিভ্ৰমী আৰু জলচৰ পক্ষীৰ বিভাগীয় গননা আৰু পক্ষী সংৰক্ষণ উৎসৱ ৷ বিগত বৰ্ষবোৰৰ দৰে এইবাৰ পঞ্চম বাৰৰ বাবে কাজিৰঙাত এই পক্ষী গননা কৰা হ'ব ৷ আজি বোকাখাতত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষে ৷ 

সঞ্চালক গৰাকীয়ে জনোৱা মতে জানুৱাৰী মাহৰ ৯ আৰু ১০ জানুৱাৰীত দুদিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসুচীত ৰাজ্যৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পক্ষীবিদ আৰু দক্ষ পক্ষী নিৰীক্ষকে গননাকাৰী হিচাবে অংশ গ্ৰহন কৰিব ৷ ইয়াৰ উপৰিও পক্ষী গননাত এই গননাকাৰী সকলক স্বেচ্ছাসেৱক ছাত্ৰী ছাত্ৰীয়ে গননা কাৰ্যত সহায় কৰিব ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অধীনৰ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডল, নগাওঁ বন্যপ্ৰাণী সংমণ্ডল আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ মুঠ ৮০ খন জলাশয়ত ১০ জানুৱাৰীত একেলগে একে সময়তে পক্ষী গননা কৰা হ'ব বুলি জনায় সঞ্চালক ড৹ সোনালী ঘোষে ৷ ৯ জানুৱাৰীত অসম চৰকাৰৰ বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে কাজিৰঙাৰ পক্ষী সংৰক্ষণ উৎসৱ আনুষ্ঠানিকভাৱে মুকলি কৰিব ৷ উক্ত দিনাই গননাকাৰী আৰু স্বেচ্ছাসেৱক সকলৰ বাবে এক বিশেষ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে ৷ ইতিমধ্যেই গননা কাৰ্যত অংশ ল'ব লগা ৪০ গৰাকী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বোকাখাতৰ চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ত এই গননাৰ প্ৰশিক্ষণো প্ৰদান কৰা হয় ৷ ইয়াৰ উপৰিও কাজিৰঙা চৌকাষৰ মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱক হিচাবে অংশ গ্ৰহন কৰিব বিচৰা ইচ্চুক ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ সংবাদ মেলতে অন লাইন ৰেজিষ্ট্ৰেচনৰ এক ব্যৱস্থাও মুকলি কৰে সঞ্চালক গৰাকীয়ে ৷ পক্ষী গননাৰ পিচত সংগৃহীত তথ্যৰে কাজিৰঙাক ৰামচৰ পক্ষী ক্ষেত্ৰত অন্তৰ্ভূক্ত কৰাৰ বাবেও আহ্বান জনাব কাজিৰঙাৰ কৰ্তৃপক্ষই ৷

ইফালে দুদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা পক্ষী গননাৰ এই কাৰ্যসুচীৰ লগত সংগতি ৰাখি কাষৰীয় জনসাধাৰণৰ মাজত পক্ষী সংৰক্ষনৰ সজাগতাৰ সৃষ্টিৰ উদেশ্যৰে এক উৎসৱৰো আয়োজন কৰা বুলি সঞ্চালক গৰাকীয়ে সংবাদ মেলত অৱগত কৰে ৷ কাজিৰঙাৰ অগৰাতলি বনাঞ্চলত এই উৎসৱৰ আয়োজন কৰাৰ লগতে উল্লেখিত দুয়োটা দিনতে ৱেবনাৰ, আলোকচিত্ৰ প্ৰদৰ্শনী, প্ৰতিযোগিতাৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয় পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সদস্য সকলে প্ৰস্তুত কৰা হস্ত শিল্পজাত সামগ্ৰীৰ বিপনিৰ লগতে প্ৰকৃতি সংগঠন আৰু শিক্ষানুষ্ঠানবোৰো বিপনিৰ ব্যৱস্থা কৰা হ'ব ৷ বিপনিবোৰত হস্ত শিল্পজাত সামগ্ৰীৰ বিপননৰো ব্যৱস্থা থাকিব ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই পক্ষী সংৰক্ষণ উৎসৱৰ বাবে নুমলীগড় শোধনাগাৰ আৰু ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়াই বিশেষ ভাৱে সহযোগ কৰিব বুলিও আজিৰ সংবাদ মেলত অৱগত কৰে সঞ্চালক ড৹ সোনালী ঘোষে ৷

বোকাখাতত থকা কাজিৰঙাৰ মুখ্য কাৰ্যালয়ত আয়োজিত আজিৰ সংবাদমেলত সঞ্চালক ড৹ সোনালী ঘোষৰ উপৰিও, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ, অগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা, বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱালৰ লগতে বোকাখাতৰ সকলো সাংবাদিক উপস্থিত থাকে ৷

উল্লেখ্য যে প্ৰতি বছৰৰ অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈকে পৰিভ্ৰমী চৰাইবোৰে বিশ্বৰ বিভিন্ন ফ্লাইৱেৰে বিভিন্ন স্থানলৈ প্ৰব্ৰজন কৰে ৷  ব্ৰহ্মপুত্ৰ উপত্যকাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰে দুটা মুখ্য ফ্লাইৱেত পৰে ৷ এই দুই ফ্লাইৱে’ হ'ল মধ্য এছিয়ান ফ্লাইৱে আৰু পূব এছিয়ান-অষ্ট্ৰেলিয়ান ফ্লাইৱে । বেছিভাগ পৰিভ্ৰমী জলচৰ পক্ষী ইউৰেছিয়াৰ নাতিশীতোষ্ণ অঞ্চল, তিব্বতীয় মালভূমি, মঙ্গোলিয়া, ৰাছিয়া, চাইবেৰিয়া আৰু লাডাখৰ পৰা কাজিৰঙালৈ আহে । শীতকালত কাজিৰঙালৈ অহা পৰিভ্ৰমী চৰাইৰ প্ৰজাতিৰ  ভিতৰত বালিমাহী চৰাই অন্যতম । বিগত বৰ্ষৰ দৰে এইবাৰো কাজিৰঙাত ধৃতৰাজ, ৰাজহাঁহ, চাকৈচকোৱা, বালিঘোঁৰা, বগা বালিমাহী,  শৰালী হাঁহ, বেজিনেজীয়া হাঁহকে ধৰি বহু প্ৰজাতিৰ পৰিভ্ৰমী জলচৰ পক্ষী ইতিমধ্যে দেখা গৈছে ৷ বৈকাল টিল, গ্ৰেটাৰ হোৱাইট-ফ্ৰণ্টেড গুজ আৰু পিড এভোচেট দৰে বিৰল প্ৰজাতিৰ পক্ষীও দেখা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷

************