চিকিৎসাৰ পিচত অগৰাতলিৰ চহলা বিলৰ পাৰত মুকলি কৰা হ'ল বোকাখাতৰ বহিখোৱা পথাৰৰ পৰা উদ্ধাৰ কৰা আহত শগুন :

Aiidesh News :  25 April- 2024 :

ৰাজ্যৰ বিভিন্ন স্থানত মানুহৰ দুস্কাৰ্যৰ বাবে শগুন মৃত্যু হোৱাৰ মাজচে বোকাখাতৰ বহিখোৱা পথাৰৰ পৰা ২২ এপ্ৰিলৰ দিনা উদ্ধাৰ কৰা আহত শগুনটোক চিকিৎসাৰ পিচত সুস্থ কৰি আজি বনাঞ্চলত মুকলি কৰি দিয়া হয় ৷ উদ্ধাৰৰ পিচত ২২ এপ্ৰিলৰ পৰা বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত জেষ্ঠ পশুচিকিৎসক ডা৹ ভাস্কৰ চৌধুৰীৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰা হৈছিল ৷ 

জানিব পৰা মতে বহিখোৱা পথাৰত এটা মৰা ছাগলী ভক্ষণ কৰিছিল এই শগুনটোয়ে ৷ মৃত ছাগলীৰ মাংস ভক্ষন কৰাৰ পিচতেই শগুনটোয়ে মাটিৰ পৰা উৰিব নোৱাৰা হোৱাৰ উপৰিও ভক্ষন কৰা ছগলীৰ মঙহো বমি কৰি উলিয়াই দিয়াৰ চেষ্টা কৰেিছিল ৷ শগুনটোৰ এই অৱস্থা নিৰীক্ষণ কৰি থকা গাওঁৰে যুৱক তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাত বনাঞ্চলত কৰ্মৰত বনকৰ্মী জুনকু বৰি আৰু স্থানীয় আকাশ কুটুমে শগুনটোৰ বিষয়ে বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰক জনায় ৷ কেন্দ্ৰৰ  উদ্ধাৰকাৰী দলে ঘটনাস্থলীলৈ উপস্থিত হোৱাৰ পূৰ্বেই অৱশ হৈ শগুনটো মাটিত ঢলি পৰে ৷ বনকৰ্মী জুনকু বৰি আৰু আকাশ কুটুমে শগুনটো কৰায়ত্ব কৰি ইতিমধ্যেই ঘটনাস্থলীত উপস্থিত হোৱা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ উদ্ধাৰকাৰী দলক অৰ্পণ কৰিছিল ৷ 

বিগত তিনিটা দিন চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তোলাৰ পিচত আজি অগৰাতলি বনাঞ্চলৰ চহলা বিলৰ পাৰত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষৰ উস্থিতিত বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাই পিঞ্জৰাৰ দুৱাৰ খুলি শগুনটো মুকলি কৰি দিয়ে ৷