বোকাখাতৰ ধনশিৰিমুখ জনজাতীয় মজলীয়া বিদ্যালয়ৰ সোনালী জয়ন্তী উৎসৱৰ শীর্ষ গীত উন্মোচন :

বোকাখাতৰ ধনশিৰিমুখ জনজাতীয় মজলীয়া  বিদ্যালয়ৰ সোনালী জয়ন্তী উৎসৱৰ শীর্ষ গীত উন্মোচন :
Aiidesh Photo

Aiidesh News  : 14 November  2023  :

বোকাখাতৰ ধনশিৰিমুখ জনজাতীয় মজলীয়া বিদ্যালয়ৰ সোনালী জয়ন্তী উৎসব অহা ২৩,২৪ ডিচেম্বৰত অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে বিদ্যালয় কৰ্তৃপক্ষই । এই উপলক্ষে ১৪ নৱেম্বৰৰ শিশু দিৱসৰ দিনটোতে সোনালী জয়ন্তী উৎসৱৰ বাবে নিৰ্মিত কৰা শীর্ষ গীত উন্মোচন কৰা হয় ৷  উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া উৎপল দলেই । উন্মোচনী অনুষ্ঠানত উৎপল দলেৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষক সঞ্জীব চক্ৰৱৰ্তী, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি জেষ্ঠ  সাংবাদিক ভবানন্দ কলিতা, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিজু দলে, কাজিৰঙা অধ্যয়ন চক্ৰৰ সভাপতি ধ্ৰুৱজ্যোতি সাহা, ধনশিৰিমুখ জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক উৎপল ফুকন আদি উপস্থিত থাকে । বিদ্যালয় খনৰ শিক্ষয়িত্ৰী বন্দনা দাসে আঁত ধৰা উন্মোচনী সভাত সাংস্কৃতিক অনুষ্ঠানো পৰিবেশন কৰা হয় । 

উল্লেখ্য যে ১৯৭৩ চনতে স্থাপন হোৱা ধনশিৰিমুখ জনজাতীয় মজলীয়া বিদ্যালয়ৰ পৰা বহু ছাত্র ছাত্রী উতীৰ্ণ হৈ সমাজত প্ৰতিষ্ঠা লাভ কৰিছে । সোনালী জয়ন্তীৰ লগত সংগতি ৰাখি বিদ্যালয়খনত স্বৰ্গীয় ধনেশ্বৰ দলে, পুমী দলে আৰু মালিৰাম দলে সোঁৱৰনি প্ৰৱেশ তোৰণৰ নিৰ্মাণ কাৰ্যও চলি আছে । লগতে স্মৃতি গ্ৰন্থ প্ৰকাশৰ কামো পূৰ্ণ গতিত চলি আছে বুলি উদযাপন সমিতিয়ে জনাইছে । সোনালী জয়ন্তীৰ বিশেষ অনুষ্ঠানলৈ বোকাখাতৰে সন্তান শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু, স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা, চলচিত্র নিৰ্মাতা দীনেশ গগৈ, সাংসদ গৌৰৱ গগৈ, অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰমানন্দ চায়েঙীয়া আদি বহু লোকক নিমন্ত্রণ জনোৱাৰো প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে ৷ 

********