কভিড১৯ ৰ মাজতেই সপৰিয়ালে আমেৰিকালৈ গল চানি লিয়নি
                         লকডাউনৰ মাজতেই তিনি সন্তানকলৈ দেশ এৰিলে ছানি লিয়নিয়ে। স্বামী ডেনিয়েল আৰু নিশা, নোৱা, আশককলৈ উৰা মাৰিলে মার্কিন মুলুকলৈ। ছানিৰ মতে তাত তেওঁলোক অনেক সুৰক্ষিত হৈ থাকিব।
কৰাল কৰোণাৰ গ্রাস পৰা সন্তানত্ৰয়ক ৰক্ষা কৰিব পাৰিব। যদিও এই লকডাউনৰ মাজত কেনেকৈ তেওঁলোকে উৰা মাৰিলে তাকলৈ উঠিছে  প্রশ্ন। ছানিয়ে নিজা ইনস্টাগ্রামৰ পোস্টত জনাইছে,' মা হলে জীবনত অনেক ধৰণৰ দায়িত্ব বাঢি যায়। তেতিয়া সকলোতকৈ সন্তানেই প্রথম। সেয়ে মই আৰু ডেনিয়েলে আমাৰ লছ এঞ্জেলছৰ ঘৰলৈ যোৱাটো ঠিক কৰিলো। কাৰণ এই মুহূর্তত মহাৰাষ্ট্রত যি অবস্থা তাতকৈ  ইয়াত আমি অনেক  সুস্থ থাকিব পাৰিম। কৰোণাৰ সংক্রমণ পৰা সন্তানক কিদৰে ৰক্ষা কৰিম সেয়াই  আমাৰ প্রথম চিন্তা'।
দুদিন আগতেই মার্কিন যুক্তৰাষ্ট্রত আহি পাইছোঁ। ছানি আৰু ডেনিয়েল দুয়োজনেই আমেৰিকাৰ নাগৰিক। 
                        


                
                
                
                
                
                
                


        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
