বোকাখাত মহকুমাৰ ৰঙাগড়াত মেধাবী ছাত্ৰৰ আকস্মিক মৃত্য : অঞ্চলজুৰি শোকৰ ছাঁ :

বোকাখাত মহকুমাৰ ৰঙাগড়াত মেধাবী ছাত্ৰৰ আকস্মিক মৃত্য : অঞ্চলজুৰি শোকৰ ছাঁ :
কৌশিক বৰা আৰু তেওঁ অভিনয় কৰা নাটকৰ দৃশ্য ।।

 

বোকাখাত মহকুমাৰ ৰঙাগড়াত মেধাবী ছাত্ৰৰ আকস্মিক মৃত্য : অঞ্চলজুৰি শোকৰ ছাঁ :

Aiidesh News : 27 July 2023 :

বোকাখাতৰ দুসুঁতিমুখ গাঁও পঞ্চয়তৰ অন্তৰ্গত ৰঙাগড়াত ২৭ জুলাইত আকস্মিকভাৱে এজন মেধাৱী ছাত্ৰ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলায় ।  ২৭ জুলাইত ৰঙাগড়াৰ ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ মেধাবী ছাত্ৰ তথা প্ৰয়াত প্ৰাঞ্জল বৰা আৰু মাইনা বৰাৰ পুত্ৰ কৌশিক বৰাৰ আকস্মিক ভাৱে মৃত্যু হয় ।

অতি অমায়িক, মেধাবী আৰু প্ৰতিভাশালী অভিনেতা বুলি ৰঙাগড়া অঞ্চলটোতেই পৰিচিত কৌশিকে বৰাই চাইকেল চলাই আহোতেই হঠাৎ অচেতন হৈ পৰে । অচেতন অৱস্থাতে কৌশিকক যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়ত কৌশিক বৰাক চিকিৎসকে মৃত বুলি ঘোষনা কৰে । উল্লেখযোগ্য যে কৌশিক বৰাই শিক্ষাৰ ক্ষেত্ৰত মেধাৰ পৰিচয় দিয়াৰ লগতে অভিনয়ৰ ক্ষেত্ৰতো বিশেষ পাৰদৰ্শিতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল । 

কৌশিক বৰাই অধ্যয়ন কৰা ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ে আয়োজন কৰা নাট কৰ্মশালাৰ ২০২২ বৰ্ষত লুইতপৰীয়া সাধু আৰু ২০২৩ বৰ্ষত বুঢ়ী আইতাৰ দেশ ত কৰা সাৱলীল অভিনয়ে অঞ্চলবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । প্ৰতিভাৱান ছাত্ৰজনৰ এই আকস্মিক মৃত্যুয়ে শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে সমগ্ৰ ৰভাগড়া অঞ্চলত ।

************