বোকাখাতৰ চি এন বি মহাবিদ্যালয়ৰ প্ৰৱক্তা বিদ্যুৎ বিকাশ শইকীয়ালৈ সন্মানীয় ডক্তৰেট ডিগ্ৰী :

বোকাখাতৰ চি এন বি মহাবিদ্যালয়ৰ প্ৰৱক্তা বিদ্যুৎ বিকাশ শইকীয়ালৈ সন্মানীয় ডক্তৰেট ডিগ্ৰী :
Aiidesh Photo

Aiidesh News : 28 March - 2026 :

বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰৱক্তা বিদ্যুৎ বিকাশ শইকীয়াক কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ে সন্মানীয় পি এইচ ডি ডিগ্ৰী প্ৰদান কৰিছে ।   বড়োলেণ্ড বিশ্ববিদ্যালয়ে বিদ্যুৎ বিকাশ শইকীয়াৰ ডেভলপমেন্ট অৱ বৰ্ডবেণ্ড ইলেক্ট্ৰমেগনেটিক ইন্টাৰফেৰেঞ্চ চিল্ডিং ইউজিং চিমেন্ট বেচ মেগনেট’ ডাইলেক্টিক কম্প’জিট শীৰ্ষক গৱেষণাৰ বাবে তেওঁক এই সন্মান প্ৰদ্ৰান কৰে । বিদ্যুৎ বিকাশ শইকীয়াই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ড০ প্ৰিঞ্চ কুমাৰ মুচাহাৰীৰ আৰু জ্যোতিপ্ৰসাদ গগৈৰ তত্বাৱধানত বিষয়টোৰ ওপৰত গৱেষণা কৰিছিল । মাজুলীৰ নিৱাসী বিদ্যুত বিদ্যুৎ শইকীয়া বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা বিজ্ঞান মহাবিদ্যালয়ত অধ্যাপনা কৰি আছে ।     

*********