বোকাখাতত নৱ নিৰ্মিত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত ভৱনৰ উদ্বোধন : অনুষ্ঠানলৈ নিমন্ত্ৰণ নেপালে গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমে :
Aiidesh News : 24 November - 2024 :
বোকাখাত নগৰত নিৰ্মান কৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত আৰু কাৰ্যালয়ৰ নতুন ভৱন ২৩ নৱেম্বৰত আনুষ্ঠানিকভাবে মুকলি কৰা হয় । বোকাখাতত অনুষ্ঠিত এই আদালতগৃহৰ দুৱাৰ মুকলি অনুষ্ঠানলৈ নিমন্ত্ৰণ নেপালে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি অভিহিত কৰা স্থানীয় সাংবাদিক সকলে ৷ এই ঘটনাই সম্প্ৰতি বোকাখাতত ব্যপক চৰ্চা লাভ কৰিছে ৷
শনিবাৰে বোকাখাতত নৱ নিৰ্মিত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত ভৱনৰ উদ্বোধন উপলক্ষে নৱ নিৰ্মিত আদালত প্ৰাংগনত আয়োদিত অনুষ্ঠানত অত্যাধুনিক নতুন আদালত গৃহৰ ফিটা কাটি মুকলি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে । নতুন আদালত গৃহ উদ্বোধন কৰি মূখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে কয় যে ২৫ হাজাৰ বৰ্গফুটৰ ৬ মহলীয়া বোকাখাতৰ নৱ নিৰ্মিত আদালত ভৱনত সকলো ধৰণৰ সুবিধাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰিও বোকাখাতত অতিৰিক্ত জিলা ন্যায়াধীশৰ আদালত ভৱন নির্মাণ কৰিবলৈ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা চৰকাৰক প্ৰস্তাৱ দিয়া হৈছে । আজি এই উদ্বোধনী অনুষ্ঠানত আদৰনি ভাষন দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেবাশীষ বৰুৱাই । অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যাম, বোকাখাত উকীল সন্থাৰ সভাপতি জগত চন্দ্র কলিতা, স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্রী অতুল বৰা, অসম চৰকাৰৰ আইন মন্ত্রী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে ৷ অসম চৰকাৰৰ আইন মন্ত্রী ৰঞ্জিত কুমাৰ দাসে নিজৰ ভাষণ প্ৰসংগত ৰাজ্যত পূৰ্বৰ তুলনাত গোচৰ সোনকালেই নিস্পত্তি হোৱাৰ লগতে অসমত অপৰাধ হ্ৰাস পোৱা বুলি মন্তব্য কৰে । মন্ত্ৰী গৰাকীয়ে জনোৱা মতে বিগত বৰ্ষত অসমত মাত্র ৪ হাজাৰ গোচৰ পঞ্জীয়ন হৈছে । আনহাতে নিম্ন আদালতত কাম কাজ অসমীয়া ভাষাত কৰিবলৈ তেওঁ আহ্বান জনায় । কাৰণ অসমীয়া ভাষা ধ্ৰুপদী ভাষা হৈছে । মন্ত্রী অতুল বৰাই নতুন ভৱন সম্পূর্ণ হোৱাত সন্তোষ প্রকাশ কৰে ৷ শেষত গোলাঘাট জিলা চেচন ন্যায়াধীশ দিব্যজোতি মহন্তই সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷ আজি গোলাঘাট জিলা উন্নয়ন আয়ুক্ত বিবেক শ্যাম, আৰক্ষী অধীক্ষক ৰাজেন সিং, বোকাখাত সমজিলা আয়ুক্ত শিবানী জাৰ্নগল আদি বিষয়াও সকল উপস্থিত থাকে ৷
ইফালে বোকাখাতৰ ইতিহাস হিচাবে পৰিগণিত হোৱা এই বিশেষ অনুষ্ঠানলৈ বোকাখাতৰ সাংবাদিক সকলক বা বোকাখাতৰ সংবাদিক সংগঠনবোৰক নিমন্ত্ৰন নজনোৱাকলৈ সংবাদকৰ্মী সকলে ক্ষোভ প্ৰকাশ কৰে ৷ পিচত স্থানীয় বিধায়ক কেবিনেট মন্ত্ৰী অতুল বৰাই বিষয়তোৰ গুৰুত্ব বুজি সভা চলি থকাৰ মাজতেই স্থানীয় সাংবাদিক সকলক নিমন্ত্ৰন জনাবলৈ নিৰ্দেশ দিয়ে ৷ ঘটনাৰ সন্দৰ্ভত গোলাঘাট জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ ভুমিকাকো সমালোচনা কৰিছে স্থানীয় সংবাদিক সকলে ৷
**********