বোকাখাতত আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ চ’চাইটিৰ উদ্যোগত এলানি সম্বৰ্ধনা কাৰ্যসূচী : সমাজলৈ অৱদান আগবঢ়োৱা লোকক সম্বৰ্ধনা :

বোকাখাতত আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ চ’চাইটিৰ উদ্যোগত এলানি সম্বৰ্ধনা কাৰ্যসূচী : সমাজলৈ অৱদান আগবঢ়োৱা লোকক সম্বৰ্ধনা :
Aiidesh Photo

Aiidesh News:  11 March - 2024  :

গুৱাহাটীৰ আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ চ’চাইটিৰ উদ্যোগত বোকাখাতত অলপতে এলানি সম্বৰ্ধনা কাৰ্যসূচী সম্পন্ন হয় । সমাজৰ বিভিন্ন দিশত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়োৱা কিছু সংখ্যক প্ৰচাৰ বিমুখ বিশিষ্ট ব্যক্তিক নিজ নিজ গৃহলৈ গৈ অনাড়ম্বৰভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই উদ্দেশ্যে আজি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা অসম চৰকাৰৰ পুৰস্কাৰপ্ৰাপ্ত শিক্ষক মহেন শইকীয়াক সম্বৰ্ধনা জনায় চচাইটিৰ অধীনত প্ৰকাশিত 'দৈনন্দিন বাৰ্তা'ৰ বোকাখাতৰ সংবাদদাতা অজন্তা তালুকদাৰে । অনুষ্ঠানত বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লাৱণ্য গগৈ, চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখাৰ সভাপতি অমৃত সাগৰকো একোখনিকৈ ফুলাম গামোচাৰে ওলগ জনোৱা হয় । 

একেদৰে ১০ মাৰ্চত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা তথা বিশিষ্ট গল্পকাৰ, নাট্যকাৰ আৰু প্ৰবন্ধকাৰ ড° ৰুবী বৰাক, ৯ মাৰ্চত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক তথা বিশিষ্ট ক্ৰীড়া সংগঠক, ক্ৰীড়া গ্ৰন্থকাৰ সুবোধ বৰাক সম্বৰ্ধনা জনোৱা হয় । একেদিনাই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈদ্বয় বিশাল চাংমাই আৰু বিক্ৰম চাংমাইৰ মাতৃ তথা বিশিষ্ট মহিলা ব্যৱসায়ী মিণ্টুমণি চাংমাইক আদৰ্শ মাতৃৰ সম্বৰ্ধনা জনোৱা হয় । অনপষ্ঠানত ক্ৰীড়া সংগঠক শান্তনু চাংমাইক এখনি ফুলাম গামোচাৰে ওলগ জনায় । এই সমূহ সম্বৰ্ধনাত আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ চ’চাইটিৰ উদ্যোগত 'দৈনন্দিন বাৰ্তা'ৰ টেগ সম্বলিত ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ, ডায়েৰী, কেলেণ্ডাৰ আৰু দৈনন্দিন বাৰ্তা, দ্যা আছাম ৰাইজাং আৰু সাপ্তাহিক আলোকপ্ৰভঞ্জনৰ একোটিকৈ প্ৰীতি উপহাৰ আগবঢ়োৱা হয় । কেউটা সম্বৰ্ধনা কাৰ্যসূচীৰ উদ্যোগ লৈ আঁত ধৰে অজন্তা সাংবাদিক অজন্তা তালুকদাৰে ।

*********