ৰাজ্যত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দুদিনীয়া সর্বাত্মক অসহযোগৰ কাৰ্যসুচী : বোকাখাততো ৰূপায়ণ :

ৰাজ্যত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দুদিনীয়া সর্বাত্মক অসহযোগৰ কাৰ্যসুচী : বোকাখাততো ৰূপায়ণ  :
Aiidesh Photo

Aiidesh News : 8 February 2024 : 

দীর্ঘদিনীয়া বিভিন্ন দাবীৰ সমাধানৰ বাবে আজিৰে পৰা দুদিনীয়া কাৰ্যসুচীৰে ৰাজ্যত আৰম্ভ হৈছে  সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সর্বাত্মক অসহযোগৰ কাৰ্যসুচী ৷ পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈকে চলিব লগীয়া এই সর্বাত্মক অসহযোগ কাৰ্যসুচী সকলো জিলা আৰু উপ জিলাত ৰূপায়ন কৰা হৈছে ৷ 

জিলা প্ৰশাসনিক কৰ্মচাৰীক সুকীয়া দৰমহা গাঁঠনি  প্ৰদান কৰি উচ্চ হাৰত গ্ৰেড পে Grade pay  প্ৰদান কৰা, জিলা আয়ুক্ত কাৰ্য্যালয়ত অধীক্ষক আৰু গাণনিকৰ আৰু মুখ্য সহায়ক পদ সৃষ্টি কৰা, পর্য্যবেক্ষক সহায়কৰ পদোন্নতিত উচ্চ হাৰত পাবলগীয়া দৰমহা প্ৰদান কৰা, প্ৰচেচ চাৰভাৰ সকলকো অতিৰিক্ত ৩ শতাংশ দৰমহা প্ৰদান কৰা, পেঞ্চনাৰ সমস্যা দূৰ কৰাৰ লগতে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণা পেঞ্চন আঁচনি প্ৰচলনৰ দাহীৰে ৰাজ্য জুৰি দুদিনীয়া এই সৰ্বাত্মক অসহযোগ কাৰ্যসুচী ৰূপায়ণ কৰা হৈছে ৷ 

সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বানত ৰাজ্যৰ লগতে আজি বোকাখাত উপ জিলাতো এই কাৰ্যসুচী ৰূপায়ণ কৰি সকলো বিভাগীয় কাৰ্যসুচীৰ পৰা আঁতৰি থাকে কৰ্মচাৰী সকল ৷ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ বোকাখাত জিলা সমিতিৰ সভাপতি পাৰ্থ প্ৰতিম ফুকন আৰু সম্পাদক বলেন কুটুমৰ নেতৃত্বত বোকাখাতৰ অতিৰিক্ত জিলা আয়ুক্তৰ সকলো কৰ্মচাৰীয়ে এই কাৰ্যসুচীত অংশ গ্ৰহন কৰি বিভাগীয় কাৰ্যত অসহযোগ কৰে ৷

*********