ব্যক্তিগত ভ্ৰমনসুচীৰে কাজিৰঙাত পৰিবাৰৰ সৈতে প্ৰাক্তন ক্ৰিকেটাৰ অনিল কুম্বলেই :

Aiidesh News : 19 November - 2025 :

ব্যক্তিগত ভ্ৰমনসুচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ প্ৰখ্যাত স্পীনাৰ অনিল কুম্বলেই আৰু তেওঁৰ পৰিবাৰ চেথানা ৰামাতীৰ্থ । ব্যক্তিগত ভ্ৰমনসুচীৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ অহা প্ৰাক্তন ক্ৰিকেট খেলুৱৈ গৰাকীয়ে ১৮ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল ভ্ৰমন কৰি বাগৰি বনাঞ্চলত থকা পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ মহিলা সকলৰ হস্ত তাঁত বয়ন কেন্দ্ৰ পৰিদৰ্শন কৰি স্থানীয় শিপিনী সকলৰ সৈতে মত বিনিময় কৰি অসমীয়া পৰম্পৰাগত বয়ন শিল্প আৰু সাজ পাৰ পৰিদৰ্শন কৰাৰ উপৰিও বাগৰি বনাঞ্চলৰে ইক’ শ্বপ নামৰ বিভাগীয় বিপনন কেন্দ্ৰটোও দৰ্শন কৰে । কেন্দ্ৰটোত থকা স্থানীয় লোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ প্ৰশংসা কৰে । কাজিৰঙাৰ কাঞ্চনজুৰিৰ বাণী গ্ৰীনচ নামৰ পৰ্যটন নিৱাসটোত নিশা কটায় অনিল কুম্বলেই আজি পুৱা কঁহৰাৰ মিহিমুখত থকা বিভাগীয় হাতীৰ পিলখানাত বিভাগীয় হাতীৰ মাউট আৰু হাতীৰ সৈতে সময় কটায় । মাউট সকলৰ সৈতে মতবিনিময় কৰি হাতী পৰিচালনা আৰু প্ৰতিপালনৰ বুজ লয় । দুপৰীয়া ৰয়েল ডি কাচা নামৰ ৰিজৰ্টত আহাৰ গ্ৰহন কৰি বিয়লি জীপচিৰে কঁহৰা বনাঞ্চল পৰিদৰ্শন কৰে । ‍বনাঞ্চলৰ পৰা ওলাই আহি অনিল কুম্বলেই মিহিমুখৰ পৰ্যটন কেন্দ্ৰতে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ বিষয় ববীয়া, বিশ্বকাপ বিজেতা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম খেলুৱৈ বোকাখাতৰ উমা ছেত্ৰীৰ পিতৃ মাতৃ আৰু স্থানীয় প্ৰশিক্ষক ৰাজা ৰহমানৰ সৈতে মত বিনিময় কৰে ।

বন্যপ্ৰাণীৰ ফটোগ্ৰাফী কৰি ভালপোৱা অনিল কুম্বলেই কাজিৰঙাৰ ঢেকীয়াপতীয়া বাঘ দৰ্শনৰ বাবে কাইলৈ পুৱা পুনৰ কঁহৰা বনাঞ্চল দৰ্শনৰ বাবে জীপচিৰে যোৱা পৰিকল্পনা আছে আৰু সময় থাকিলে তেওঁ কাজিৰঙাৰ পৰ্যটনৰ নতুন সংযোজন কলিয়া ভোমোৰাগুৰি পৰ্যটন ক্ষেত্ৰও দৰ্শন কৰাৰ সম্ভাৱনা আছে ।

***********