কাজিৰঙাৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠিছে অগৰাতলিৰ সুৰ্যমুখী ফুলৰ বাগিছা :

কাজিৰঙাৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠিছে অগৰাতলিৰ সুৰ্যমুখী ফুলৰ বাগিছা :
Aiidesh photo

Aiidesh News : 20 April - 2026 :

বোকাখাত সমজিলাৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ সীমাতে কমিউনিটি কুমচুঙ নামৰ এটা গোটৰ উদ্যোগতে গঢ়ি উঠিছে এখন সুৰ্য্যমুখী ফুলৰ বাগিছা । ঐতিহাসিক গৰুমৰা জানৰ পাৰতে অৱস্থিত ধোবাআটি বেলগুৰি গাওঁৰ যুৱক তিথিৰাম পেগুৰ নেতৃত্বত প্ৰসাৰিত প্ৰায় ৯ বিঘা মাটিত সূৰ্যমুখী ফুলৰ খেতিত বৰষুণ পাই লহপহকৈ ফুলি উঠিছে ফুলবোৰ । দৃষ্টিনন্দন হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  কাষৰীয় অঞ্চলটো । ধোবাআটি বেলগুৰি গৰুমৰা জানৰ পাৰতে হালধীয়াহৈ ফুলি উঠা সূৰ্যমুখী ফুলৰ এই বাগিছা এতিয়া ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশী বিদেশী পৰ্যটকৰ লগতে স্থানীয় লোকৰো আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠিছে । যাতায়তৰো সুচলতা থকা এই স্থানলৈ এতিয়া নিতৌ শতাধিক লোকৰ আগমন ঘটিছে । পৰ্যটকৰ এই আগমন আৰু সঁহাৰিয়ে উৎসাহিত কৰিছে কমিউনিটি কুমচুঙ নামৰ যুৱক যুৱতী গোটোক । বিভাগীয় অনুগ্ৰহ নোলোৱাকৈ তিথিৰাম পেগুৰ নেতৃত্বতে প্ৰথম বাৰৰ বাবে অঞ্চলটোত কৰা হৈছে সুৰ্যমুখীৰ খেতি । ৯ বিঘাতকৈও অধিক মাটিত সুৰ্যমুখীৰ খেতি কৰাৰ সপোন আছিল যদিও বীজ আৰু কাৰিকৰী পৰামৰ্শৰ অভাৱৰ বাবেই মাত্ৰ ৯ বিঘা মাটিতেই সূৰ্যমুখীৰ খেতি কৰি লাভৱান হোৱাৰ লগতে পৰ্যটকৰো সঁহাৰি পাইছে তিথিৰামহঁতে । তিথিৰাম হতৰ কমিউনিটি কুমচুঙ নামৰ এই গোটোৱে কাজিৰঙাৰ কাষৰীয় এই ধোবাআটি বেলগুৰি অঞ্চলত কৃষি, পাৰিপাৰ্শ্বক আৰু গ্ৰাম্য পৰ্যটনৰ জড়িয়তে স্থানীয় যুৱক যুৱতী সকলক স্বাৱলম্বী কৰাৰো পৰিকল্পনা কৰিছে । সুৰ্যমুখী ফুল প্ৰায় ২০ দিনৰ বাবেহে থাকে । তিথিৰামহঁতৰ সুৰ্যমুখী ফুলে ইতিমধ্যেই ১০ দিন অতিক্ৰম কৰিছে । আৰু ১০ দিনৰ বাবে সুৰ্যমুখী ফুলৰ সৌন্দৰ্য চাব পাৰিব পৰ্যটকে । ইয়াৰ পিচতেই পুৰঠ গুটিৰ পৰা তেল উলিয়াই বিপননৰ পৰিকল্পনা কৰিব তিথিৰামহঁতে ।

*******