১০ লাখ টকা বাজেটেৰে যোাহাটত শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আৰ্বিভাৱ মহোৎসৱ ।

১০ লাখ টকা বাজেটেৰে যোাহাটত শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আৰ্বিভাৱ মহোৎসৱ ।
১০ লাখ টকা বাজেটেৰে যোাহাটত শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আৰ্বিভাৱ মহোৎসৱ ।

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় ভাৱে যোৰহাট জিলা শাখাৰ ব্যৱস্থাপনাত অহা ১৭ অক্টোবৰত মহাপুৰুষ গুৰুজনাৰ ৫৭৩ সংখ্যক আৰ্বিভাৱ মহোৎসৱ উদযাপনৰ বাবে দেওবাৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত লাইখুটা স্থাপন কৰে জিলা শাখাৰ সভাপতি মুকুল গগৈয়ে । লাইখুটা স্থাপন অনুষ্ঠানত মুলৰ সাহিত্য শাখাৰ সভাপতি ড° মৃনাল কুমাৰ বৰুৱা , কেন্দ্ৰীয় শিশু , আই-মাতৃ সম্পাদিকা ফুনু বৰা গগৈ , আদৰনি সমিতি সভাপতি যুগল হাজৰিকা , সম্পাদক সৌৰভ হাজৰিকা , মুলৰ সদস্যৰ লগতে জিলা শাখাৰ ১৬ খন আঞ্চলিকৰ সহস্ৰাধিক ভকত- বৈষ্ণৱে সকলে অংশ গ্ৰহন কৰে । লাইখুটা স্থাপনৰ অনুষ্ঠান আঁত ধৰে জিলা শাখাৰ সম্পাদক মুকুল বৰুৱাই ।


এই অনুষ্ঠানৰ পিছতে  জিলা শাখাৰ নামঘৰ প্ৰাংগনত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে  আদৰণি সমিতিৰ সভাপতি যুগল হাজৰিকাই ৷ সভাত  বিভিন্ন উপ- সমিতিয়ে  আগন্তুক জন্মোৎসৱৰ আয় - ব্যয়ৰ খটিয়ান দাঙি ধৰে ৷ ইফালে জিলা ক্ৰীড়া সন্হাৰ খেলপথাৰত জন্মোৎসৱ উদযাপনস্হলী প্ৰাক্তন পদাধিকাৰ মুখ্যেশ্বৰ শইকীয়া সোঁৱৰণী সমন্বয়ক্ষেত্ৰ আৰু  মূল মঞ্চ জিলাৰ প্ৰাক্তন সভাপতি ঘনকান্ত বৰুৱা সোঁৱৰণী মঞ্চ নামেৰে নামাকৰণ কৰাৰ কথা জিলা সভাপতি মুকুল গগৈয়ে ঘোষণা কৰে ৷১০ লাখ টকা ব্যয়েৰে উদযাপন কৰিব লৈ লোৱা গুৰুজয়ন্তীত ’ শিৰোৰত্ন ’ নামৰএখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ দিহা কৰিছে উদযাপন  সমিতিয়ে ৷

 

যোৰহাটৰ পৰা নেকিব আহমেদৰ ৰিপৰ্ট