বোকাখাতৰ ধোবাআটি বেলগুৰি গাওঁত পাটগিৰি বংশৰ বংশাৱলী উদ্বোধন : প্ৰয়াত বিমলা পাটগিৰিৰ স্মৃতিচাৰণ :

বোকাখাতৰ ধোবাআটি বেলগুৰি গাওঁত পাটগিৰি বংশৰ বংশাৱলী উদ্বোধন  : প্ৰয়াত বিমলা পাটগিৰিৰ স্মৃতিচাৰণ  :
Aiidesh Photo
বোকাখাতৰ ধোবাআটি বেলগুৰি গাওঁত পাটগিৰি বংশৰ বংশাৱলী উদ্বোধন  : প্ৰয়াত বিমলা পাটগিৰিৰ স্মৃতিচাৰণ  :

বোকাখাতৰ ধোবাআটি বেলগুৰি গাওঁত পাটগিৰি বংশৰ বংশাৱলী উদ্বোধন  : প্ৰয়াত বিমলা পাটগিৰিৰ স্মৃতিচাৰণ  : 

Aiidesh News  :  29 March 2023  : 

বোকাখাত মহকুমাৰ মৰিধনশিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ধোৱাআটি বেলগুৰি গাঁও ৷ এই গাঁৱৰ বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, ধর্মপ্রাণ সাধু ব্যক্তি তথা ১৯৬০ দশকৰ এজন ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ কৃষক আন্দোলনৰ নেতৃত্ব বহন কৰা, অন্যান্য জনৰ মাজৰে এজন অক্লান্ত কমিউনিষ্ট কর্মী হ'ল প্ৰয়াত মেহেঙা পাটগিৰি । নিজকে নিস্বার্থভাৱে কমিউনিষ্ট পার্টিত যোগদান কৰি দেশ, জাতি, সমাজ উন্নতিৰ হকে কাম কৰি সমাজ উন্নতিৰ হকে কাম কৰি জীৱনটো উচ্ছৰ্গা কৰিছিল মেহেঙা পাটগিৰিয়ে । এই মেহেঙা পাটগিৰিৰ সহধর্মিনী হ'ল প্ৰয়াত বিমলা পাটগিৰি । আজি বিমলা পাটগিৰিৰ আদ্য শ্ৰাদ্ধৰ দিনা পাটগিৰি পৰিয়াল আৰু ডাগৰ'ব ইক' টুৰিজিম আৰু ইক' ডেভিলপমেন্ট চ'চাইটিৰ উদ্যোগত পাটগিৰি পৰিয়ালৰ বংশাৱলী আৰু স্মৰণিকা শীৰ্ষক এক গ্ৰন্থ উন্মোচন কৰা হয় ৷ ডাগৰ'ৱ নামৰ সংগঠনটোৰ সভাপতি ধৰ্মিন্দৰ দলেৰ পৌৰহিত্য আয়োজিত গ্ৰন্থ উন্মোচনী সভাত অৱসৰ প্ৰাপ্ত প্ৰশাসনিক বিষয়া উৎপল দলে,  বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, বিশিষ্ট লেখক তৰুণ দলে, সমাজ সেৱক চাৰ্কি দলে আৰু বিজু পেগুকে ধৰি পাটগিৰি পৰিয়ালৰ সদ্যস্য আৰু ধোবাআটি বেলগুৰি গাওঁৰ সমুহ সদস্য উপস্থিত থাকে ৷ 

অনুষ্ঠানৰ আৰম্ভনিতেই প্ৰয়াত বিমলা পাটগিৰিৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে ফুলেশ্বৰ দলেই ৷ পৰৱৰ্তী সময়ত স্মৰণিকা আৰু বংশাৱলী আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই ৷ অনুষ্ঠানত অনুষ্ঠানৰ আয়োজক সকলে আমন্ত্ৰিত সকলো অতিথিকে ফুলাম গামোছাৰে আদৰণি জনায় ৷ উপস্থিত সকলোয়েই নিজৰ বক্তব্যত ধোবাআটি বেলগুৰি গাওঁৰ লগতে পাটগিৰি পকিয়ালৰ অৱদানৰ বিষয়ে সবিস্তাৰে বৰ্ননা কৰে ৷

*********