১০৫ নং বোকাখাত বিধানসভা সমষ্টিৰ ৬ গৰাকী প্ৰাৰ্থিৰ ১২ খন মনোনয়ন এখন নাকচ : তিনি প্ৰাৰ্থীৰ আছে আদালতত গোচৰ :

১০৫ নং বোকাখাত বিধানসভা সমষ্টিৰ ৬ গৰাকী প্ৰাৰ্থিৰ ১২ খন মনোনয়ন এখন নাকচ :  তিনি প্ৰাৰ্থীৰ আছে আদালতত গোচৰ :
Aiidesh photo

Aiidesh News : 24 March - 2026 :

অসম বিধানসভাৰ ৯ এপ্ৰিলত অনুষ্ঠিত হ'ব লগা সাধাৰণ নিৰ্বাচনত ১০৫ নম্বৰ বোকাখাত সমষ্টিত মুঠ ৬ গৰাকী প্ৰাৰ্থিয়ে নিৰ্বাচনী প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে। অসম গন পৰিষদৰ সভাপতি অতুল বৰাই তৃতীয় বাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে বোকাখাত সমষ্টিত বিগত দুটা কাৰ্যকালত বোকাখাত সমষ্টিৰ বিধায়ক হোৱা জিতেন গগৈ, কংগ্ৰেছ দল এৰি ৰাইজৰ দলত যোগদান কৰি প্ৰাৰ্থীত্ব লোৱা আৰু প্ৰথম বাৰৰ বাবে নিৰ্বাচনী যুঁজত আত্মপ্ৰকাশ কৰা হৰি প্ৰসাদ শইকীয়া, ২০২১ চনত সমষ্টিটোত প্ৰতিদ্বন্দিতা কৰি দ্বিতীয় স্থান লাভ কৰি পৰাজিত হোৱা প্ৰনৱ দলে, নিৰ্দলীয় প্ৰাৰ্থী হেমন্ত দলৈ আৰু গণ্ডৱানা গণতন্ত্ৰ দলৰ হৈ বিবেকানন্দ ৰাজোৱাৰে এইবাৰৰ নিৰ্বাচনী প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে। বোকাখাত সমষ্টিক প্ৰতিনিধিত্ব কৰি কেবিনেট মন্ত্ৰী হোৱা অতুল বৰা এজন শক্তিশালী প্ৰাৰ্থি হোৱাৰ বিপৰীতে শাসনাধীষ্ঠ ভাৰতীয় জনতা পাৰ্টীৰো সমৰ্থন লাভ কৰিছে।

মন কৰিবলগীয়া যে মনোনয়ন পত্ৰৰ লগত দাখিল কৰা শপতনামা অনুসৰি এইবাৰ অতুল বৰা, জিতেন গগৈ আৰু প্ৰৱন দলেৰ নামত আদালত গোচৰ আছে । অতুল বৰাই চাৰিখনকৈ মনোনয়ন, জিতেন গগৈয়ে আৰু প্ৰনৱ দলে আৰু হেমন্ত দলৈয়ে দুখনকৈ মনোনয়ন পত্ৰ দিয়াৰ বিপৰীতে হৰি প্ৰসাদ শইকীয়া আৰু বিবেকানন্দ ৰাজোৱাৰে এখনকৈ মনোনয়ন দাখিল কৰিছিল । আজিৰ পৰীক্ষণৰ পিচত মুঠ ১২ খন মনোনয়ন পত্ৰৰ ভিতৰত হেমন্ত দলৈয়ে দিয়া দুখন মনোনয়নৰ এখন মনোনয়ন নাকচ হয় ।  

উল্লেখ্য যে পুৰ্বতে বোকাখাত সমষ্টিত বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা অতুল বৰাই ২০২১ চনৰ নিৰ্বাচনত লাভ কৰিছিল ৭২,৯৩০ টা ভোট, প্ৰনৱ দলেই লাভ কৰিছিল ২৭,৭৪৯ টা ভোট জিতেন গগৈয়ে ৫,৫৫০ টা ভোট আৰু হেমন্ত হালৈয়ে লাভ কৰিছিল ৯৩৩ টা ভোট। একেদৰে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত অতুল বৰাই পাইছিল মুঠ ৬২,৯৬২ টা আৰু কংগ্ৰেছ দলৰ অৰুণ ফুকনে পাইছিল ২২,৭৬৯ টা ভোট। দুয়োবাৰতে অতুল বৰাই প্ৰায় ৪০ হেজাৰৰো অধিক ভোটৰ ব্যৱধানত জয় লাভ কৰিছিল । সেয়েহে অতুল বৰাৰ ভোটৰ দূৰ্গত খহনীয়া আনিব পৰাতোয়েই হ’ব প্ৰতিদ্বন্দী সকলৰ বাবে এক প্ৰত্যাহ্বান । 

**********