গোলাঘাট জিলা প্ৰশাসনৰ দ্বাৰা সুৰক্ষিত অনাময় পৰ্যটন পদ্ধতিৰ প্ৰচাৰ আৰু প্ৰয়োগৰ বাবে কাজিৰঙাত স্বচ্ছতা সেউজ পাত মূল্যায়ন প্ৰণালী আৰম্ভ : মানপত্ৰ প্ৰদান :

গোলাঘাট জিলা প্ৰশাসনৰ দ্বাৰা সুৰক্ষিত অনাময় পৰ্যটন পদ্ধতিৰ প্ৰচাৰ আৰু প্ৰয়োগৰ বাবে কাজিৰঙাত স্বচ্ছতা সেউজ পাত মূল্যায়ন প্ৰণালী আৰম্ভ : মানপত্ৰ প্ৰদান  :
Aiidesh Photo
গোলাঘাট জিলা প্ৰশাসনৰ দ্বাৰা সুৰক্ষিত অনাময় পৰ্যটন পদ্ধতিৰ প্ৰচাৰ আৰু প্ৰয়োগৰ বাবে কাজিৰঙাত স্বচ্ছতা সেউজ পাত মূল্যায়ন প্ৰণালী আৰম্ভ : মানপত্ৰ প্ৰদান  :

Aiidesh News : 6 March 2024 : 

স্বচ্ছতা সেউজ পাত মূল্যায়ণ প্ৰণালীৰ অধীনত ৫ মাৰ্চৰ পৰা কাজিৰঙা আৰু ইয়াৰ  কাষৰীয়া হোটেল, ৰিজৰ্ট আৰু হোমষ্টে সমূহত গোলাঘাটৰ  জিলা আয়ুক্তই গঠন কৰি দিয়া  এটা দলে সত্যতা নিৰূপন প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ কৰিছে । কাজিৰঙাত থকা হোটেল, ৰিজৰ্ট আৰু হোমষ্টে সমূহত সুৰক্ষিত অনাময় পৰ্যটন পদ্ধতিৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত স্বচ্ছতা সেউজ পাত মূল্যায়ন ব্যৱস্থা আৰু ইয়াৰ তাৎপৰ্য সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ।

এই ৰেটিং ব্যৱস্থাৰ দ্বাৰা হোটেল, ৰিজৰ্ট আৰু হোমষ্টে সমূহে নিজৰ বৰ্তমানৰ অনাময় সম্পৰ্কীয় আন্তঃগাঁথনিৰ স্ব-মূল্যায়ন কৰিব আৰু স্থানীয় প্ৰশাসনক নিজৰ মূল্যায়ন অৱগত কৰিব । এই মূল্যায়নৰ আধাৰতেই জিলা প্ৰশাসনে সবিশেষ পৰীক্ষা কৰি এই হোটেল আৰু ৰিজ’ৰ্টৰ স্বত্বাধিকাৰ সকলক তেওঁলোকে লাভ কৰা নম্বৰৰ ভিত্তিত ১, ৩ আৰু ৫ সেউজ পাত মূল্যায়ন ব্যৱস্থা প্ৰৱৰ্তন কৰিব ।

এই অনায়ময়ৰ সঠিক ব্যৱহাৰৰ বাবে পৰ্যটন খণ্ডত সুৰক্ষিত অনাময় পদ্ধতি গ্ৰহণ কৰাৰ সন্দৰ্ভত হোটেল, হোমষ্টে আৰু ৰিজৰ্টৰ স্বত্বাধিকাৰ সকলৰ সৈতে যোৱা ২২ ফেব্ৰুৱাৰীত কাজিৰঙাৰ দূৰ্গাপুৰত থকা ৰয়েল ডি কাছা ৰিজৰ্টত স্বচ্ছতা সেউজ পাত মূল্যায়ণ প্ৰণালীৰ এক বৈঠক অনুষ্ঠিত হৈছিল ।  উক্ত দিনাই কেন্দ্ৰীয়  জল শক্তি মন্ত্ৰালয় আৰু পৰ্যটন মন্ত্ৰালয়ৰ দ্বাৰা যুটীয়াভাৱে ১৪ ডিচেম্বৰ ২০২৩ তাৰিখে আৰম্ভ কৰা 'স্বচ্ছতা সেউজ পাত মূল্যায়ণ প্ৰণালী' ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত জল শক্তি মন্ত্ৰালয়ৰ সচিব  ৱিনি মহাজনে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শুভাৰম্ভ কৰিছিল ।

ইতিমধ্যে বোকাখাত মহকুমা পৰীক্ষণ সমিতিয়ে ‘স্বচ্ছতা সেউজ পাত মূল্যাংকন ব্যৱস্থাৰ অধীনত কাজিৰঙাৰ আশে-পাশে অৱস্থিত ১১খন হোটেল, ৰিজ’ৰ্ট আৰু হোমষ্টেৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। ৪ খন হোটেলে ১ পাতৰ মূল্যাংকন লাভ কৰাৰ বিপৰীতে ৫ খন হোটেলে ৩ পাতৰ মুল্যাংকন লাভ কৰিছে । উল্লেখযোগ্য যে ২ টা স্থান ডিফলু ৰিভাৰ লজ আৰু মেডিনি হোমষ্টেই এই ব্যৱস্থাৰ অধীনত ৫ তাৰকা মুল্যাংকনৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । তেওঁলোকে প্লাষ্টিক ব্যৱহাৰৰ পৰা হাত সাৰিবলৈ অনন্য পদ্ধতি গ্রহণ কৰিছে যেনে- সুমথিৰাৰ পাতৰ প্লেট, পাটৰ চেন্দেল, কাঠৰ হেণ্ডৱাছ ডিচপেন্সাৰ, কপাহী মেট, জৈৱ গেছ প্ৰকল্প আদিৰ ব্যৱহাৰ । আজি গোলাঘাট জিলাৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে  কঁহৰাৰ কনভেনচন চেণ্টাৰত ‘স্বচ্ছতা সেউজ পাত মূল্যাংকনৰ মানপত্ৰ হোটেল সমূহৰ স্বত্বাধিকাৰী সকলক বিতৰণ কৰে । গোলাঘাট জিলা প্ৰশাসনৰ মতে স্বচ্ছতা সেউজ পাত মূল্যাংকনে কাজিৰঙাৰ হোটেলৰ মালিক আৰু পৰ্যটক দুয়োকে কঠিন আৱৰ্জনা, ধূসৰ পানী আৰু ক’লা পানী ব্যৱস্থাপনাৰ বৈজ্ঞানিক পদ্ধতিৰ প্ৰতি অধিক সচেতন কৰি তুলিব । গ্ৰাহকৰ সজাগতা বৃদ্ধি আৰু পৰিৱেশ সচেতন পৰ্যটকক আকৰ্ষণ কৰিবলৈ অনলাইন হোটেল বুকিং ৱেবছাইটত এই মূল্যংকণ প্ৰদৰ্শন কৰিবলৈ ব্যৱস্থা গ্ৰনো কৰা হ’ব বুলি জনায় ।

*******