ই-ৰিক্সাৰ ওপৰত আৰোপ কৰা কৰ বাতিল কৰাৰ দাবীত বোকাখাতত অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদ,জাতীয় শ্রমিক পৰিষদ আৰু ই ৰিক্সা সন্থাৰ গন বিক্ষোভ :

ই-ৰিক্সাৰ ওপৰত আৰোপ কৰা কৰ বাতিল কৰাৰ দাবীত বোকাখাতত  অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদ,জাতীয় শ্রমিক পৰিষদ আৰু ই ৰিক্সা সন্থাৰ গন বিক্ষোভ : 

Aiidesh News : 24 July 2023 :

অসম চৰকাৰে ই-ৰিক্সাৰ ওপৰত আৰোপ কৰা কৰৰ বোজাৰ অধ্যাদেশ বাতিল কৰাৰ দাবীত ২৪ জুলাইত বোকাখাতত অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত জাতীয় শ্রমিক পৰিষদ আৰু ই ৰিক্সা সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি গন বিক্ষোভ কাৰ্যসুচী ৰূপায়ন কৰে ৷ ছাত্ৰ সংগঠন টোৰ জাতীয় শ্ৰমিক পৰিষদ আৰু শতাধিক ই ৰিক্সা চালকে বোকাখাতত থকা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদলেৰে চহৰৰ মাজেদি গৈ বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ প্ৰৱেশ পথত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদৰ শেষত বোকাখাতৰ মহকুমাধিপতিৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ 

মুখ্যমন্ত্ৰীলৈ বুলি প্ৰেৰণ কৰা এই স্মাৰক পত্ৰত মুখ্যমন্ত্ৰীয়ে ২০২১ চনতেই ই-ৰিক্সাৰ ওপৰত কোনো কৰ লোৱা নহ'ব বুলি কৰা ঘোষণাৰ উদ্বৃতিৰে বর্তমান অসম চৰকাৰে ই ৰিক্সাৰ ওপৰত অত্যাধিক কৰৰ বোজাৰে যি অধ্যাদেশ জাৰি কৰিছে তাক লৈ জাতীয় শ্রমিক পৰিষদ বোকাখাত জিলা সমিতিয়ে গভীৰ উদ্বেগ প্রকাশ কৰা বুলি উল্লেখ কৰি দুখীয়া খিলঞ্জীয়া ই ৰিক্সাৰ ওপৰত অসম চৰকাৰে জাৰি কৰা এই অধ্যাদেশ বাতিল কৰিবৰ বাবে দাবী জনায় ।

ছাত্ৰ সংগঠনটোৰ মতে অসমৰ বিভিন্ন প্ৰান্তত সম্প্ৰতি ই-ৰিক্সা চলাই বহু নিৱনুৱা যুৱক যুৱতী আৰু ব্যক্তিয়ে নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে স্বাৱলম্বী হোৱাৰ সুযোগ পাইছে। ই-ৰিক্সা চলোৱা প্ৰতিজন নিবনুৱাই  খিলঞ্জীয়া  দৰিদ্ৰ শ্ৰেণীৰ লোক । যাৰ বাবে ই ৰিক্সাৰ ওপৰত জাপি দিয়া কৰ বাতিলৰ প্ৰতিবাদীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জাতীয় শ্ৰমিক পৰিষদ আৰু ই ৰিক্সা সন্থাৰ শতাধিক সদস্যই প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ ২৪ জুলাইৰ এই প্ৰতীবাদী কাৰ্যসুচীত জাতীয়তৈবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি বিপুল বৰা,  বোকাখাত জিলা সমিতিৰ সভাপতি নীলোৎপল খাউণ্ড, সম্পাদক প্ৰঞ্জল ভৰালী ,  জাতীয় শ্ৰমিক পৰিষদৰ সভাপতি যতীন বৰা আৰু সম্পাদক দীপ ৰাজখোৱাৰ উপৰিও ই ৰিক্সা যংগঠনৰ বিষয় ববীয়া আৰু সমুহ সদস্যই এই গন বিক্ষোভ কাৰ্যসুচীত অংশ গ্ৰহন কৰে ৷

*************