আজিৰে পৰা তিনিদিনীয়া কাৰ্যসুচীৰে বোকাখাতৰ জাতীয় বিদ্যালয়ত আৰম্ভ হৈছে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ :

আজিৰে পৰা তিনিদিনীয়া কাৰ্যসুচীৰে বোকাখাতৰ জাতীয় বিদ্যালয়ত আৰম্ভ হৈছে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ :
Aiidesh Photo
আজিৰে পৰা তিনিদিনীয়া কাৰ্যসুচীৰে বোকাখাতৰ জাতীয় বিদ্যালয়ত আৰম্ভ হৈছে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ :

Aiidesh News : 23 May - 2024 : 

জ্ঞান বিজ্ঞান সমিতি অসমৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ বোকাখাত জাতীয় বিদ্যালয় বাকৰিত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসুচীৰে আৰম্ভ হৈছে । এই সমাৰোহলৈ অসমৰ বিভিন্ন জিলাৰ শিশু প্ৰতিনিধি সকলৰ আহিছে ৷ এই সমাৰোহৰ আজি প্ৰথম দিনৰ পুৱা   পৰা বিভিন্ন প্ৰান্তৰৰ পৰা অহা শিশু প্ৰতিনিধি সকলৰ পঞ্জীয়ন আৰম্ভ হয় । ৯ বজাত কেন্দ্রীয় সমিতিৰ পতাকা উত্তোলন কৰে জ্ঞান বিজ্ঞান সমিতি অসমৰ সভাপতি তপন কুমাৰ শৰ্মাই । অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি শৰৎ চন্দ্র দত্তই । প্ৰয়াত বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈ আৰু বীৰুবালা ৰাভাৰ সোৱঁৰণত উৎসৰ্গিত সমাৰোহ খনিত দুয়োগৰাকী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গোলাঘাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি পল্লৱ বৰবৰাই ।

অসমৰ বিভিন্ন জিলাৰ প্ৰায় ৪০০ শিশুয়ে অংশগ্রহণ কৰা এই সমাৰোহত অংক,  বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, পৰিবেশ অধ্যয়ন, অৰিগেমী, আৰু গীত-মাতৰ বাবে আয়োজন কৰা ছয়টাকৈ শিক্ষন কোণ উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড° ভৱেশ চন্দ্র গোস্বামীয়ে ।  বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইনজু আহমেদে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত উদ্বোধকৰ পৰিচয় প্ৰদান কৰে  বিদ্যুৎ বিকাশ শইকীয়াই । ড° বিদ্যুৎ বৰুৱা আৰু ড° হৰি প্ৰসাদ নাথে উদ্বোধক ড° ভৱেশ চন্দ্ৰ গোস্বামীক স্মাৰক আৰু গামোচাৰে সমাৰোহলৈ আদৰণি জনায় । অনপষ্ঠানত বোকাখাত জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নিজৰা বৰঠাকুৰে আদৰনি ভাষন প্ৰদান কৰে।

বিয়লিলৈ শিক্ষন কোণ সমূহ আৰম্ভ কৰা হয় । শিক্ষন কোণৰ সামৰণিৰ পিচতেই বোকাখাতৰ বাহিৰৰ শিশু সকলক কাজিৰঙা দৰ্শনৰ বাবে লৈ যোৱা হয় । উল্লেখ যোগ্য যে আৱাসিক শিৱিৰটোত বাহিৰৰ শিশু সকলক বোকাখাতৰ শিশু সকলৰ ঘৰত আলহী হিচাবে থকাৰ অভিজ্ঞতা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি উদযাপন সমিতিয়ে জনাইছে । এই ক্ষেত্রত বোকাখাতৰ বহু শিশুয়ে অতিথি আতিথ্য প্ৰদানৰ সুবিধা নাপাই দুখ কৰাও দেখা গৈছে ৷ আজি প্ৰথম দিনটো সফলতাৰে পাৰ হোৱাৰ পিছত অভ্যৰ্থনা সমিতিয়ে আগন্তুক দুদিনত সকলোৰে পূৰ্ণ সহযোগিতা কামনা কৰিছে ।

*********