ইতিহাস সংৰক্ষনৰ অন্য এক প্ৰচেষ্টা : বোকাখাতৰ তিনি গৰাকী মুক্তি যুঁজাৰুৰ জীৱন কাহিনী ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ ডিজিটেল ডিষ্ট্ৰিক্ট ৰেপ'চিট'ৰীত অর্ন্তভূক্ত :

ইতিহাস সংৰক্ষনৰ অন্য এক প্ৰচেষ্টা  : বোকাখাতৰ তিনি গৰাকী মুক্তি যুঁজাৰুৰ জীৱন কাহিনী ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ ডিজিটেল ডিষ্ট্ৰিক্ট ৰেপ'চিট'ৰীত অর্ন্তভূক্ত :

 

ইতিহাস সংৰক্ষনৰ অন্য এক প্ৰচেষ্টা : বোকাখাতৰ তিনি গৰাকী মুক্তি যুঁজাৰুৰ জীৱন কাহিনী ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ ডিজিটেল ডিষ্ট্ৰিক্ট ৰেপ'চিট'ৰীত অর্ন্তভূক্ত :

Aiidesh News  :  26 July 2023  : 

বৃহত্তৰ বোকাখাত অঞ্চলৰ ভালেকেই গৰাকী মুক্তি যুজাঁৰুৰ ভিতৰৰ তিনি গৰাকীৰ মুক্তি যুঁজাৰুৰ নাম ৰাষ্ট্ৰীয় স্তৰত নথিভুক্ত হৈ স্বীকৃত হৈছে ৷ বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা ড৹ জয়ন্ত দাসৰ একান্ত প্ৰচেষ্টাৰ বাবেই দেশৰ ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে দেশৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা ভাৰতৰ স্বাধীনতা আন্দোলনৰ অখ্যাত নায়ক সকলৰ কীর্তি-কাহিনী ডিজিটেল ডিষ্ট্ৰিক্ট ৰেপ'চিট'ৰীত  সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে ৷ ইতিমধ্যেই প্ৰকাশিত এই ডিজিটেল সংস্কৰণত বোকাখাতৰ মুক্তি যুঁজাৰু  প্ৰয়াত কমল চন্দ্ৰ শইকীয়া, তিলক বৰা, আৰু বিজু (বেজা) বৈষ্ণৱৰ জীৱন কাহিনী অন্তৰ্ভুক্ত হৈছে ৷ বোকাখাতৰ এই তিনিও গৰাকী মুক্তি যোদ্ধাৰ সৱিশেষ তথ্য সংগ্ৰহ কৰি ড৹ জয়ন্ত দাসে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগলৈ প্ৰেৰণ কৰিছিল ৷

ইংৰাজী বিভাগৰ প্ৰৱক্তা ড৹ জয়ন্ত দাসৰ এই প্ৰচেষ্টাৰ বাবে বোকাখাতৰ তিনিজনকৈ মুক্তি যুঁজাৰুৰ নাম কেন্দ্ৰীয় চৰকাৰ ডিজিটেল ব্যৱস্থাপনাত অন্তৰ্ভুক্ত হোৱা ঘটনাই বোকাখাতৰ স্বাধীনতা আন্দোলনৰ এই সকল মুক্তি যুঁজাৰুৰ তথ্যই ৰাষ্ট্ৰীয় স্বীকৃতি পোৱাৰ লগতে দেশৰ নৱ প্ৰজন্মৰ বাবেও অনুপ্ৰেৰণাৰ উৎস হোৱাত সহায় কৰিব ৷

বোকাখাত ইতিহাস সংৰক্ষণ আৰু ৰাষ্ট্ৰীয় স্বীকৃতিৰ বাবে তথ্যসমূহ সংগ্ৰহ কৰোতে ছহীদ বিজু বৈষ্ণৱ (বেজা বাউৰী) স্মৃতি ৰক্ষা সমিতি, চাক্ষিৰাম মাহাত্ব, মুক্তি যুঁজাৰু তিলক বৰাৰ পৰিবাৰ শুভদ্ৰা বৰা, পুত্ৰ ড০ প্ৰদীপ বৰা, মুক্তি যুঁজাৰু প্ৰয়াত কমল চন্দ্ৰ শইকীয়াৰ পৰিয়ালৰ হৈ  গোপিকানন্দ শইকীয়া, ৰীণা শইকীয়া আৰু উত্তম শইকীয়াই বিশেষভাৱে সহায় কৰাৰ উপৰিও তথ্য সংগ্ৰহৰ সময়ত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰা বোকাখাতৰ বিভিন্ন লেখক লেখিকাক ধন্যবাদ জ্ঞাপন কৰিছে ড৹ জয়ন্ত দাসে ৷ 

******

 

 লিংকসমূহ -

https://amritmahotsav.nic.in/district-reopsitory-detail.htm?18294

https://amritmahotsav.nic.in/district-reopsitory-detail.htm?16616

https://amritmahotsav.nic.in/district-reopsitory-detail.htm?16617