সাংবাদিক গৌৰী লঙ্কেশৰ তৃতীয় মৃত্যু তিথিত বোকাখাতত প্ৰয়াস সংস্কৃতিক গোষ্ঠীৰ সাংস্কৃতিক প্ৰতিবাদ :

সাংবাদিক গৌৰী লঙ্কেশৰ তৃতীয় মৃত্যু তিথিত বোকাখাতত প্ৰয়াস সংস্কৃতিক গোষ্ঠীৰ সাংস্কৃতিক প্ৰতিবাদ :
Photo by Uttam Saikia
সাংবাদিক গৌৰী লঙ্কেশৰ তৃতীয় মৃত্যু তিথিত বোকাখাতত প্ৰয়াস সংস্কৃতিক গোষ্ঠীৰ সাংস্কৃতিক প্ৰতিবাদ :

সাংবাদিক গৌৰী লঙ্কেশৰ তৃতীয় মৃত্যু তিথিত বোকাখাতত প্ৰয়াস সংস্কৃতিক গোষ্ঠীৰ সাংস্কৃতিক প্ৰতিবাদ : 


AIIDESH NEWS. 5 September : 


দেশৰ বিশিষ্ট সাংবাদিক প্ৰয়াত গৌৰী লঙ্কেশৰ তৃতীয় ছহিদ দিৱসৰ লগত সংগতি ৰাখি ৫ চেপ্তেম্বৰত বোকাখাতৰ প্ৰয়াস সাংস্কৃতিক গোষ্ঠীয়ে বোকাখাতত এক বিশেষ সাংস্কৃতিক প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে ২০১৭ চনৰ ৫ চেপ্তেম্বৰত হত্যা কৰা হৈছিল সাংবাদিক গৌৰী লঙ্কেশক । বাংগালোৰৰ নিজা বাসভৱনত অচিনাক্ত বন্দুকধাৰীয়ে হত্যা কৰিছিল গৌৰী লঙ্কেশক । গোড়া হিন্দুত্ববাদৰ বিৰুধিতা কৰিছিল গৌৰী লঙ্কেশে । বোকাখাতত গৌৰী লঙ্কেশৰ তৃতীয় মৃত্যু দিৱস উপলক্ষে স্থানীয় প্ৰয়াস সাংস্কৃতিক বাহিনীয়ে এক বিশেষ সাংস্কৃতিক প্ৰতিবাদ অনুষ্ঠিত কৰে ৷ বোকাখাতৰ জাতীয় বিদ্যালয়ৰ মঞ্চত এই কাৰ্যসূচী অনুষ্ঠিত হয় । ভাৰতীয় গন নাট্য সংঘ অসমৰ উদ্যোগত আমি যদি জাগি নুঠোঁ,এই দেশ হ'ব নিঃশেষ"শীৰ্ষক এই সাংস্কৃতিক প্ৰতিবাদ অনুষ্ঠিত হয় ৷ গীত, আবৃত্তি, মুকাভিনয় , নাটক আৰু ছবিৰে গৌৰী লঙ্কেশলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সাংবাদিক গৰাকীৰ হত্যাৰো প্ৰতিবাদ জনায় প্ৰয়াস সাংস্কৃতিক বাহিনীয়ে ৷ অনুষ্ঠানত গন মাধ্যমত জনপ্ৰিয়তা লাভ কৰা নগাওঁৰ জাতীয় সাংস্কৃতিক বাহিনীৰ প্ৰাচুৰ্য প্ৰাণ নাথে তেওঁৰ অভিনয়েৰে সাম্প্ৰতিক সময়ৰ পটভুমিত গাদী দখলৰ ৰাজনীতি আৰু শোষণৰ এক মননশীল উপস্থাপন কৰে ৷ প্ৰয়াস সাংস্কৃতিক গোষ্ঠীৰ হৈ সোনেশ্বৰ নৰহে আঁত ধৰা এই অনুষ্ঠানত বোকাখাতৰ বিশিষ্ট ব্যক্তি সকলৰ লগতে সাংবাদিক সকলো উপস্থিত থাকে ৷