অসম ডেভেলপমেন্ট ইনিচিয়েটিভৰ উদ্যোগত নুমলীগড়ত মূল্যবোধ শিক্ষাৰ বিশেষ সজাগতা অনুষ্ঠান :
Azanta Talukdar : Aiidesh News : 4 February 2024 :
জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিষ্ঠান দেৰগাঁৱৰ উদ্যোগত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা শুক্ৰবাৰে অভিভাৱক, ছাত্ৰ -ছাত্ৰী, ৰাইজৰ মাজত মূল্যবোধ শিক্ষাৰ ক্ষেত্ৰত এক সজাগতা সভাৰ আয়োজন কৰে অসম ডেভেলপমেন্ট ইনিচিয়েটিভ ( এ ডি আই ) নামৰ এক বেচৰকাৰী সংগঠনে । এই অনুষ্ঠানৰ উপৰিও আজি দেওবাৰৰ দিনা নুমলীগড় ৫ নং লাইন প্ৰাথমিক বিদ্যালয়তো এই সজাগতাৰ আয়োজন কৰে সংগঠনটোয়ে । এ ডি আই নামৰ সংগঠনটোৰ সঞ্চালিকা অৰ্চনা বৰঠাকুৰ, সভানেত্ৰী উপাসা বৰুৱা ফুকন, সমন্বয়ক কিংকৰ বৰুৱা ফুকন, সদস্য ৰশ্মি হাজৰিকা উপস্থিত থকা এই সজাগতা অনুষ্ঠানত নুমলীগড় চাহ বাগিছাৰ শ্ৰমিক সকলৰ উপৰিও নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহেন শাইকীয়া, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি সংগীতা শাইকীয়া ৰাভাও উপস্থিত থাকি বৰ্তমান সমাজত অৱক্ষয় হোৱা মূল্যবোধৰ বিষয়ে ৰাইজক সজাগ কৰে ।
********
                        


                    
                    
                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
