বোকাখাত নাট্য মন্দিৰ , বাৰোৱাৰী পূজা সমিতি আৰু যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ উদ্যোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ :

বোকাখাত নাট্য মন্দিৰ , বাৰোৱাৰী পূজা সমিতি আৰু যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ উদ্যোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ :
Aiidesh Photo
বোকাখাত নাট্য মন্দিৰ , বাৰোৱাৰী পূজা সমিতি আৰু যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ উদ্যোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ :

Azanta Talukdar  : 4 February 2024  :

বোকাখাতৰ বাৰোৱাৰী পূজা মণ্ডপত আজি বোকাখাত নাট্য মন্দিৰ, বোকাখাত বাৰোৱাৰী পূজা সমিতি আৰু যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ উদ্যোগত নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় । পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই চকু পৰীক্ষা শিবিৰৰ মুখ্য সমন্বয়ক আছিল অমৰ জ্যোতি বৰঠাকুৰ ।

চকু পৰীক্ষা শিৱিৰত চিকিৎসা প্ৰদান কৰে বিশেষজ্ঞ প্ৰাংকু চাকমাই। সহযোগিতা কৰে স্বাস্থ্য কৰ্মী ক্ৰমে মাধৱ শৰ্মা, নীতা ঠাকুৰীয়া, ৰুমী শইকীয়া, অনুপম বৰাই । বোকাখাত নাট্য মন্দিৰৰ সম্পাদক জিতু শৰ্মা ৰাজখোৱা, উপ-সভাপতি দুলাল ডেকা, বিশিষ্ট সমাজকৰ্মী-ব্যৱসায়ী মহাবীৰ প্ৰসাদ আগৰৱালা, বোকাখাত বাৰোৱাৰী পূজা সমিতিৰ উপ-সভাপতি অনুপম বৰঠাকুৰ, সম্পাদক গোবিন বৰা, কৰ্মকৰ্তা ধ্ৰুৱ কাকতি আৰু নীলু আচাৰ্য, সদস্য ক্ৰমে সুৰজিত ভট্ট, শান্তনু ফুকন আদিৰ লগতে উদ্যোক্তা সংগঠন সমূহৰ বিষয় ববীয়া, সদস্যকে ধৰি ভালে সংখ্যক বোকাখাতৰ গণ্যমান্য ব্যক্তি উপস্থিত থাকে । শিবিৰত প্ৰায় ২৫০ গৰাকী লোকৰ বিনামূলীয়া চকু পৰীক্ষা কৰা হয় । ইয়াৰে ১৩৬ গৰাকী লোকক চকু পৰীক্ষা কৰি বিনামূলীয়া চশমা প্ৰদান কৰা হয় আৰু ৫৬ গৰাকী লোকক যোৰহাটৰ লায়ন্স চকু চিকিৎসালয়ত বিনামূলীয়া চকুৰ কেটৰেক্ট অপাৰেচন কৰা হ'ব । ইয়াৰে ৩৫ গৰাকী লোকক উদ্যোক্তা সকলৰ খৰচ আৰু তত্বাৱধানত ইতিমধ্যে অস্ত্ৰোপচাৰৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে  ৷ এইসকলৰ অস্ত্ৰোপচাৰৰ সম্পুৰ্ণ হোৱাৰ পিচত বাকী সকলকো অপাৰেচনৰ বাবে  যোৰহাটলৈ লৈ যোৱা হ'ব বুলি জানিব পৰা গৈছে । 

উল্লেখ্য যে চকু চিকিৎসাৰ ক্ষেত্ৰত বোকাখাত নাট্য মন্দিৰে পূৰ্বতেও এনে উদ্যোগ লৈ বিভিন্ন সময়ত আৰ্থিকভাৱে দুৰ্বল লোকক দৃষ্টি শক্তি লাভ কৰাত সাহাৰ্য কৰি আহিছে । আজিৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰত চকু পৰীক্ষাৰ বাবে অহা লোকসকলক উদ্যোগতা সকলৰ তৰফৰ পৰা আহাৰো  যোগান ধৰা হয় ।

********