অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ ভাড়াঘৰ আঁচনিৰ নামত বোকাখাতত বৃহৎ কেলেংকাৰী : মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী বোকাখাতত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ :

অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ ভাড়াঘৰ আঁচনিৰ নামত বোকাখাতত বৃহৎ কেলেংকাৰী : মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী  বোকাখাতত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ :
Aiidesh Photo

Aiidrsh News : 3 February :

অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ ভাড়াঘৰ আঁচনিৰ নামত বোকাখাতত বৃহৎ কেলেংকাৰী তথ্য আমাৰ অসমত ফাদিল হোৱাত পিচত সমগ্ৰ বোকাখাতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই আঁচনিৰ ভাড়াঘৰ বোকাখাতত চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ঠাইত বিত্তবান আৰু ক্ষমতাশালী লোকৰ নামত আবন্টন দিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ ২ ফেব্ৰুৱাৰীত বোকাখাতত আয়োজিত এক সংবাদ মেলত জাতীয়তাবাদী সংগঠনটোয়ে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ প্ৰেৰন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিয়ে । পৰিষদৰ জিলা সভাপতি নীলোৎপল খাউণ্ড , ৰাজ্যিক উপ সভাপতি বিপুল বৰা, জিলা সম্পাদক প্ৰাঞ্জল ভড়ালী, প্ৰচাৰ আৰু তথ্য সম্পাদক কিশোৰ ছেত্ৰীকে ধৰি বিষয়ববীয়া সকলৰ উপস্থিতত অনুষ্ঠিত এই সংবাদ মেলত সংগঠনটোৰ তৰফৰ পৰা এই কেলেংকাৰীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে । সংবাদ মেলত পৰিষদৰ সভাপতি নীলোৎপল খাউণ্ডে কয় যে অসম চৰকাৰৰ পশুপালন,কৃষি,আদি বিভাগৰ মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাৰ সোঁৱে বাওঁৱে থকা ৰাজনৈতিক কিছু লোকে ভুৱা শপতনামা যোগে উক্ত গৃহৰ কোঠা আবন্টন লোৱাটো অতিকৈ দুৰ্ভাগ্যজনক তথা আইন বিৰোধী কথা ৷ এনে লোকৰ গৃহৰ আবন্টন বাতিল কৰি আইনী ব্যৱস্থাৰে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় সংগঠনটোয়ে ৷ অন্যথা আইনৰ আশ্ৰয় লোৱাৰ হুংকাৰ দিয়ে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

*********