তামুলপুৰৰ ভালুকমাৰী, ঘীলাজাৰ আদি গাঁওত ৰাইজৰ হাহাকাৰ। এফালৰ পৰা ভাঙি গৈছে সপোনৰ ঘৰ

তামুলপুৰৰ ভালুকমাৰী, ঘীলাজাৰ আদি গাঁওত ৰাইজৰ হাহাকাৰ।  এফালৰ পৰা ভাঙি গৈছে সপোনৰ ঘৰ

বানৰ কৱলত তামুলপুৰৰ বহু বিস্তীৰ্ণ অঞ্চল। ন ন অঞ্চল প্লাবিত হৈছে বানত। তামুলপুৰত এফালে বানৰ তাণ্ডৱ , আনফালে গৰা-খহনীয়াৰ ভয়ানক দৃশ্য । তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভালুকমাৰী, ঘীলাজাৰ, ১ নং কুসুমজুলি আদি অঞ্চলত বাল্টি নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া। বাল্টি নৈৰ খহনীয়াত জাহ গৈছে ভালুকমাৰী প্ৰাথমিক বিদ্যালয়। নৈৰ বুকুত জাহ গৈছে বহু কৃষি ভূমিৰ লগতে ঘৰ-বাৰী । নিৰাপদ স্থান বিচাৰি হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে গঞা ৰাইজৰ মাজত। চৰকাৰ তথা বিভাগীয় লোক উপস্থিত নোহোৱাত ক্ষোভ ৰাইজৰ। নৈৰ বুকুত নিশ্চিহ্ন হোৱাৰ পথত ভালুকমাৰী গাঁও। টালি-টোপোলা বান্ধি  শিশুৰ পৰা বৃদ্ধই ঠেলাত উঠাই নিৰাপদ স্থানলৈ নিছে ঘৰৰ সামগ্ৰী।