মণিপুৰৰ জঘন্য কাণ্ডকলৈ অসমৰ তিনি ৰাজ্যিক সংগঠনৰ গৰিহনা : তীব্ৰ প্ৰতিক্ৰিয়া :

মণিপুৰৰ জঘন্য কাণ্ডকলৈ অসমৰ তিনি ৰাজ্যিক সংগঠনৰ গৰিহনা  : তীব্ৰ প্ৰতিক্ৰিয়া :

মণিপুৰৰ জঘন্য কাণ্ডকলৈ অসমৰ তিনি ৰাজ্যিক সংগঠনৰ গৰিহনা  : তীব্ৰ প্ৰতিক্ৰিয়া :

Aiidesh News :  24 July 2023  :

সমগ্ৰ বিশ্বজুৰি আলোড়ন সৃষ্টি কৰা মণিপুৰৰ জঘন্য নাৰকীয় কাণ্ডৰ প্ৰতিবাদ আৰু গৰিহণা অসমতো চলি আছে । সকলোয়ে একেমুখে গৰিহনা দিছে এই ঘটনাৰ ৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়ে প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত মণিপুৰ কাণ্ডক গৰিহণা দিয়ে আৰু এনে কাণ্ডৰ তীব্ৰ প্ৰতিবাদ কৰে । সভানেত্ৰী গৰাকীয়ে এই নাৰকীয় অপৰাধৰ অপৰাধীক উচিত আৰু দৃষ্টান্তমূলক শাস্তি বিহিবলৈ চৰকাৰক আহ্বান জনায় লগতে এনে জঘন্য কাণ্ডৰ পুনৰাবৃত্তি নকৰিবলৈ সকিয়াই দিয়ে । 

একেদৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাই মণিপুৰ কাণ্ডৰ তীব্ৰ গৰিহণা দিছে আৰু ভাৰতীয় সংস্কৃতিক লজ্জানত কৰা এনে ঘটনাৰ দোষীক উচিত শাস্তি বিহিবৰ বাবে দাবী উত্থাপন কৰিছে । লগতে ৰাজনৈতিক, অৰ্থনৈতিক কোনো কাৰণতেই যাতে এনে ঘটনা আন ৰাজ্যলৈ বিয়পি নপৰে তাৰ বাবে সকলোকে সচেষ্ট আৰু সতৰ্ক হৈ থাকিবলৈ অসম ৰাজ্যিক সাংবাদিক সংন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই আহ্বান জনাইছে । জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাই এনে জঘন্য অপৰাধৰ পুনৰাবৃত্তি নোহোৱাৰ স্বাৰ্থত দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে দাবী জনায় ।‌ ৰাজ্যখনত এই ভাতৃঘাটী সংঘৰ্ষ বন্ধ কৰাৰ বাবে আৰু এনে ঘটনা অন্য ৰাজ্যলৈ যাতে নিবিয়পে তাৰ বাবে  চৰকাৰক সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত অতি দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰলৈও আহ্বান জনায় । কেন্দ্ৰীয় চৰকাৰে সঠিক সময়ত সঠিক পদক্ষেপ লোৱা হেতেন আজি মণিপুৰত এই পৰস্থিতিৰ উদ্ভৱ নহ'ল হেতেন বুলি আক্ষেপ কৰি জিতু শৰ্মা  ৰাজখোৱাই মণিপুৰ ভাৰতৰ এক অংগৰাজ্য আৰু দুই ভাতৃৰ মাজত হোৱা সংঘৰ্ষ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলিও মন্তব্য কৰে ৷

একেদৰে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইনে এয়া অতি দুৰ্ভাগ্যজনক, মানৱ সমাজৰ বাবে লজ্জাজনক ঘটনা বুলি আখ্যা দি কয় এই ঘটনাই সমগ্ৰ বিশ্ববাসীৰ ওচৰত ভাৰতীয় সংস্কৃতিক অপমানিত কৰিলে বুলি মন্তব্য কৰে । চৈয়দ পাৰভিজ হুছেইনে কয় যে এই ভাতৃঘাটী সংঘৰ্ষ বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অতি কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগে । এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্যক দায় সৰা বুলি কোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ স্থিতি বিশেষ যেন অনুভৱ হোৱা নাই বুলি আক্ষেপ কৰে হুছেইনে আৰু এয়া প্ৰকৃততে দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। লগতে সংগঠনটোৰ প্ৰধান সম্পাদক গৰাকীয়ে ইয়াৰ বাবে সবল স্থিতি লৈ দোষীক চৰম শাস্তি প্ৰদান কৰাৰ প্ৰয়োজন থকাৰ কথা দোহাৰে ।

*******