পি এম কিষাণ আঁচনিৰ দুৰ্নীতি ১৫ মে ভিতৰত তদন্ত
অসমৰ একাংশ ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমত প্ৰকাশিত পি এম কিষাণ আঁচনিৰ দুৰ্নীতিৰ খবৰক যথেষ্ট গুৰুত্ব সহকাৰে লৈছে কৃষিমন্ত্ৰী অতুল বৰাই৷ কৃষি বিভাগটো স্বচ্ছ আৰু দুৰ্নীতিমুক্ত কৰি ৰখাৰ স্বাৰ্থত বিভাগীয় উচ্চপদস্থ বিষয়াক সমগ্ৰ ঘটনাটোৰ শীঘ্ৰে তদন্ত কৰিবলৈ নিৰ্দেশ দিছে৷ ১৫ মে'ৰ ভিতৰত এই তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছে।