বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন : বিভ্রান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্রদান শীৰ্ষক আলোচনাচক্ৰ :

বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন  :  বিভ্রান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্রদান শীৰ্ষক আলোচনাচক্ৰ  :
Aiidesh photo

Aiidesh News : 16 November - 2025 :

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি বোকাখাততো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় । বোকাখাতৰ সম জিলা প্ৰশাসনৰ জনসংযোগ বিঙাগৰ উদ্যোগত বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সংস্থা আৰু ইলেকট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এচ’চিয়েচনৰ সহযোগিতাত আজি বোকাখাত সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বোকাখাতৰ সমুহ সাংবাদিকৰ উপস্থিতিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় । বোকাখাত সম জিলাৰ সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া কুশল কলিতাই আঁত ধৰা আজিৰ অনুষ্ঠানত বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, সম্পাদক উত্তম শইকীয়া আৰু কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি নীলপদ্ম শৰ্মাই সমল ব্যক্তি হিচাবে উপস্থিত থাকি বিভ্রান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্রদান ওপৰত আলোচনা আগবঢ়ায় । আলোচনাত জেষ্ঠ সাংবাদিক নীলু আচাৰ্য, অমৰ শৰ্মায়ো অংশগ্ৰহন কৰি বক্তব্য ৰাখে । বোকাখাত সম জিলাৰ আয়ুক্ত শিৱানী জাৰ্ণগেলৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনাত জেষ্ঠ সাংবাদিক উত্তম শইকীয়াই বিষয় বস্তুৰ ওপৰত সচিত্ৰ উপস্থাপনেৰে আলোচনাত অংশগ্ৰহন কৰে । আনুষ্ঠানত বোকাখাত সমজিলাৰ বিভিন্ন প্ৰান্তৰৰ সাংবাদিক সকলৰ উপৰিও জনসংযোগ বিভাগৰ লোক সকলো উপস্থিত থাকে । 

***********